পাকিস্থান জিন্দাবাদ দিয়াৰ প্ৰতিবাদত বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ৯ নৱেম্বৰ ২০ঃ শিলচৰ বিমানবন্দৰত আজমলৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ দিয়াৰ প্ৰতিবাদত আজি মাজবাট নগৰৰ মাজমজীয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পুত্তলিকা দাহ কৰি দুয়োটা সংগঠনৰ সদস্য সকলে বদৰুদ্দিন আজমল মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ আদি শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পিছত ওদালগুৰি জিলাৰ বজৰংগ দলৰ প্ৰমুখ চুইলেন ভূইহৰে কয় যে অনুপ্ৰৱেশকাৰি বাংলাদেশী মুছলমানৰ ৰক্ষকৰ দল এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সমৰ্থকে ভাৰতত থাকি-খাই, ভাৰতৰ সকলো সুবিধা গ্ৰহণ কৰি পাকিস্তান জিন্দাবাদ দিয়া কথা কেতিয়াও মানি ল’ব নোৱাৰি।

তাৰবাবে আমি ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই ঘটনাৰ লগত জৰিত পাকিস্তানী সমৰ্থক তথা দেশদ্ৰোহীসকলক অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনালোঁ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here