সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে ৰাজ্যজুৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ অব্যাহত

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ নৱেম্বৰ ২০ঃ লংকাতো পুনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ৰূপায়ন কৰা হয় অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্য্যসূচীৰ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মীয়ে লংকা মহাবিদ্যালয়ৰ সম্মূখৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে প্লে’ কাৰ্ড লৈ সাৱস্ত কৰে প্ৰতিবাদ।

লগতে ৰাষ্ট্ৰীয় ঘাই পথৰ মাজমজিয়াত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু ছোনিয়া গান্ধীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে।

অৰ্ণৱ গোস্বামীক মুক্তি দিয়ক, মহাৰাষ্ট্ৰ আৰক্ষী হায় হায়, ভাৰত মাতা কি জয় ধ্বনিৰে উত্তাল কৰে প্ৰতিবাদকাৰীসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here