প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ নৱেম্বৰ ২০ঃ আজি নিশা প্ৰায় ৪ মান বজাত লংকাৰ পিয়লি মাৰ্কেটত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
জুইত সম্পূৰ্ণ ৰূপে জাহ যায় বিশাল এন্টাৰপ্ৰাইজ নামৰ ঔষধৰ বিপণীখনৰ বয়-বস্তু।
বিশাল এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীজনৰ নাম ৰাজু দাস।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ৯/১০ লক্ষ্যাধীক টকাৰ ঔষধ বিনষ্ট হয়।
স্থানীয় ব্যৱসায়ী আৰু ২ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হয়।
শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্হানীয় ব্যৱসায়ীৰ।
পিয়লী মাৰ্কেটৰ বিল্ডিংৰ দুই মহলাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
Facebook Comments