প্ৰাগজ্যোতিষ বাৰ্তা, অমৃত কুমাৰ শৰ্মা, ৯ নৱেম্বৰ ২০ঃ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭ নৱেম্বৰ, শনিবাৰে গুৱাহাটীত প্ৰথম পৰ্যায়ৰ ২০ খন অত্যাধুনিক মাৰ্চিডিজ বাছৰ অন্তৰ্ভুক্তিকৰণৰ ফ্লেগ্ অফ্ কৰে।
এই অত্যাধুনিক বাছসেৱাই ৰাজ্যৰ পথ পৰিবহণৰ সক্ষমতা বৃদ্ধি কৰিব বুলি তেখেতে উল্লেখ কৰে।
একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL)ৰ কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে ১০ খন ষ্টেয়াৰলিফ্ট হুইলচেয়াৰ দিব্যাংগসকলৰ বাবে আগবঢ়ায়।
অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, Daimler Bus India-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া কাৰ্ল আলেকজেণ্ডাৰ ছিডেল আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷
Facebook Comments