মহানগৰীত চুলাইৰ ভাটীত আবকাৰী বিভাগৰ অভিযান, ৬ মহিলাক আটক

0
27

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১০ নৱেম্বৰ ২০ঃ আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই মহানগৰীত দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে।

১০ নৱেম্বৰৰ পুৱাৰ ভাগত কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ-আৱকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আৱকাৰী চক্ৰই ভঙাগঁড়, চেগুণবাৰী, গোঁসাই গাঁও আদিত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক অভিযান চলায়।

অভিযানত চুলাই মদ প্ৰস্তুত আৰু বিক্ৰীৰ লগত জড়িত ৬ গৰাকী মহিলাক হাতে লোটে আটক কৰা হয়।

তেনেদৰে অভিযানকাৰী দলটোৱে চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৫০০ লিটাৰৰো অধিক পাছ, প্ৰায় ১০০ লিটাৰ চুলাই মদ আৰু ৬ টা সা- সঁজুলি জব্দ কৰা হয়।

আনহাতে আটাকাধীন মহিলাকেইজনীৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩ (১) ক ৰ অধীনত বিভাগীয় সদৰ ৰজু কৰি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে আটাইকেইজনীকে জেল হাজোঁতলৈ প্ৰেৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here