প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১০ নৱেম্বৰ ২০ঃ শিৱসাগৰ জিলাৰ ঐতিহাসিক নামতি অঞ্চলত আনুষ্ঠানিকভাৱে ৮ নৱেম্বৰ, দেওবাৰে সংস্কৃতিৱান ব্যক্তি প্ৰভাকৰ ফুকন আৰু মিতালী দুৱৰা ফুকনৰ ব্যক্তিগত প্ৰচেষ্টা তথা অভিভাৱক-অভিভাৱিকা আৰু স্থানীয় ব্যক্তিৰ সহযোগিতাত গঢ় লৈ উঠে “সুৰসপ্তক সংগীত মহাবিদ্যালয়।
সাংস্কৃতিককৰ্মী ক্ৰমে নৱনীত হাজৰিকা, ৰমেন শইকীয়া আৰু শ্ৰীমন্ত ৰঞ্জন বড়াই আঁত ধৰা এক আড়ম্বৰপূৰ্ণ অনুস্থানৰ মাজেৰে শুভ উদ্বোধন কৰা উক্ত অনুষ্ঠানত নতুন কমলাবাৰী সত্ৰৰ বৰ বায়ন জনাৰ্দ্দন ভূঞা, চন্দ্ৰ হাজৰিকা, প্ৰফুল্ল বৰা,পৰমা কাকতি, নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, সাংবাদিক কৌস্তুভ মণি কাকতি, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰবক্তা তথা লেখক প্ৰাঞ্জল প্ৰতীম বড়া, সাংস্কৃতিক ব্যক্তি ভৱেন হাজৰিকা,প্ৰাক্তন প্ৰবক্তা মোহিনী কুমাৰ মহন্ত, চেনিৰাম বৰগোঁহাই, গজেন কাকতি, চফিউৰ ৰহমান ,যোৰহাট জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া অৱনী গগৈ,আচগাৰ কেন্দ্ৰীয় সম্পাদক বিকাশ বৰা,অখিল আহোম প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তিযে অংশগ্ৰহণ কৰে।
বহুকেইটা সংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকি ইণ্ডিয়ান আইড’লৰ ২য় ৰাণাৰ আপ হৰ্ষিত নাথে দুটাকৈ গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখ্য যে ক’ৰ’ণা আতংকৰ সময়ত দেশত দিয়া লকডাউনৰ সুযোগ গ্ৰহণ কৰি মহাবিদ্যালয়ৰ গৃহটি নিৰ্মাণৰ কাম শুভাকাংক্ষীৰ সহযোগত সূচাৰুৰূপে সমাপন কৰা হয়। সুৰসপ্তক সংগীত মহাবিদ্যালয়ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা সত্ৰীয়া নৃত্য, বৰগীত, সংগীত,আধুনিক নৃত্য,নাট্য কলা, চিত্ৰ কলা,খোল,গায়ন বায়ন আৰু যোগৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়া শিল্পী প্ৰভাকৰ ফুকনে লগতে অনাগত দিনত সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে৷