চীনা সামগ্ৰী বন্ধ কৰি তথা থলুৱা মৃৎ শিল্পীসকলক সাহায্য আগবঢ়াবলৈ ৰাইজৰ আহ্বানঃ ৰাজেন্দ্ৰনগৰ নিবাসী সঞ্জীৱ পালৰ দৰে শিল্পীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১১ নবেম্বৰ ২০ঃ সমাগত পোহৰৰ উৎসৱ দিপাৱলী,কিন্তু এইবাৰৰ এই দিপাৱলী উৎসৱ সম্পূৰ্ণ সুকীয়া, ইয়াৰ কাৰণ এফালে ক’ভিড ৰোগৰ মহামাৰী ৰূপ আৰু আনফালে বজাৰত চানি ধৰিছে চীনা লাইট, চাকী ইত্যাদিয়ে।

ফলত উপায়ন্তৰ হৈ পৰিছে স্থানীয় মৃৎ‌ শিল্পীসকল। চীনা সামগ্ৰীৰ ৰমৰমীয়া বেহাৰ সমান্তৰালকৈ দৰিদ্ৰতাই কোঙা কৰিছে এটা কুমাৰ পৰিয়ালক।

পূজাৰ উৎসৱত চাকি-বন্তি তথা অন্য মাটিৰ সামগ্ৰী বনাই বজাৰত বিক্ৰী কৰি পৰিয়াল পোহ পাল দিয়া এটি দৰিদ্ৰ পৰিয়াল।

কিন্তু এইবাৰ উক্ত পৰিয়ালটোৰ দুবেলা দুমুঠি কাৰণে হাঁহাকৰ পৰিস্থিতি।

বজাৰত চানি ধৰা চীনা সমগ্ৰীৰ ফলত চাহিদা নাই থলুৱা চাকি বন্তিৰ।

লংকা ৮ নং ৱাৰ্ডৰ ৰাজেন্দ্ৰনগৰৰ নিবাসী সঞ্জীৱ পালৰ উক্ত পৰিয়ালটিৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা।

চৰকাৰক ৰাইজৰ অনুৰোধ, সমগ্ৰ ৰাজ্যকে ধৰি লংকা বজাৰত চানি ধৰা চীনা সামগ্ৰী বন্ধ কৰি থলুৱা মৃৎ শিল্পীসকলক চকু মেলি চাবলৈ তথা আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here