প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ১২ নবেম্বৰ ২০ঃ শিৱসাগৰ জিলাৰ হাঁহচৰা লেবাং গাঁৱৰ ৰংগমঞ্চ ১১ নৱেম্বৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয় অধীনত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত আৰু স্বৰ্গীয় টংকেশ শইকীয়া সোঁৱৰণি সমিতি, স্বৰ্গীয় খগেশ্বৰ শইকীয়া সংগীত মহাবিদ্যালয়, নাজিৰাৰ সহযোগত শিশু নাটকৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে শিখাপ্ৰিয়া গগৈ মঞ্চ শুভাৰম্ভ কৰে অনন্ত চেতিয়াই, উক্ত সভাত উপস্থিত থাকে নিভা চুতীয়া, সাংস্কৃতিক সঞ্চালকৰ বিষয়া জগেশ্বৰ গগৈ, সমাজকৰ্মী জীৱন গগৈ, সাংবাদিক মিন্টু চাংমাই, সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া ভাস্কৰ জ্যোতি দাস, পঙ্কজ গগৈ, পলী ফুকন।
কৰ্মশালা অংশগ্ৰহণ কৰা শিশু সকলক মানপত্ৰ প্ৰদান কৰা হয় আৰু এখনি শিশু নাট পাকিজা বেগমৰ ৰচনা আৰু নিলোৎপল বুঢ়াগোঁহাই আৰু যতীন গগৈ পৰিচালনাৰে “সৰু ধেমালি বৰ ধেমালি” শিশু নাটখন মঞ্চস্থ কৰা হয়।
আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে ভাষণত উল্লেখ কৰে যে এনে ধৰণৰ কৰ্মশালা আয়োজন কৰি শিশুসকলক এখন মঞ্চ প্ৰদান কৰিলে নৱ প্ৰজন্মৰ লাভম্বিত হ’ব, অনাগত দিন বিলাকত সাংস্কৃতিক দিশত শিশুসকলক আগুৱাই নিয়াত সহায়ক হ’ব।
উপস্থিত দৰ্শকে শিশু নাটখন উপভোগ কৰি আপ্লুত হোৱাৰ লগতে অংশগ্ৰহণ কৰা শিশুসকলৰ উজ্বল ভবিষ্যত কামনা কৰে।