জনসংখ্যা সমাধান ফাউণ্ডেশ্যন- উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত দীপাৱালী উপলক্ষে জনসংখ্যা নিয়ন্ত্রণ সচেতনতা কাৰ্যসূচী পালন

0
22

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১২ নবেম্বৰ ২০ঃ অনিয়ন্ত্ৰিত হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণে আমাৰ দেশ আৰু সমাজে আজি বেছিভাগ সামাজিক কু-ফলৰ মুখামুখি হৈ আহিছে।

জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে (জে.এছ.এফ) কাৰণে ইয়াৰ এক-দফীয়া কাৰ্যসূচী-এই জনসংখ্যা সমস্যাৰ সমাধানৰ বাবে কাম কৰি আহিছে।

২০১৭ চনৰ পৰাই সংস্থাটোৱে কঠোৰ আইন বলবত কৰাৰ নীতি গ্রহণ কৰি জনসংখ্যা নিয়ন্ত্রণ আইন সমগ্ৰ দেশতে কাৰ্যকৰী কৰিবৰ কাৰণে ৰাইজৰ মাজত জনসচেতনতা গঢ়ি অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে।

জনসাধাৰণৰ মাজত এই প্ৰক্ৰিয়া জনপ্ৰিয় আৰু গ্রহণযোগ্য কৰি তুলিবলৈ আৰু জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমর্থনত তথা দীপাৱালী (১৩ নৱেম্বৰ, ২০২০) উপলক্ষে সমগ্ৰ দেশব্যাপী সংকল্প দিৱস (শপত গ্রহণ) কর্মসূচী অনুষ্ঠিত হ’ব।

এই প্ৰসংগত ধুবুৰীৰ পৰা শদিয়ালৈ অসমৰ সকলো জিলাত একেলগে স্বাক্ষৰ অভিযান কর্মসূচী পালনৰ ব্যৱস্থা লোৱা হৈছে।

উল্লেখযোগ্য যে একেদিনাই উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে এই কৰ্মসূচী গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

জেএছএফ, উত্তৰ-পূৰ্বাঞ্চলৰ অধ্যক্ষ শৈলেন্দ্র পাণ্ডেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী ৰাইজক জনসংখ্যা নিয়ন্ত্রণৰ কাৰণে স্বাক্ষৰ অভিযানত অংশ লৈ এই সুযোগ গ্ৰহণ কৰিবলৈ আবেদন জনাইছে।

গুৱাহাটীতো ফাঁচিবজাৰ জেইল ৰোডত দিনৰ বাৰ বজাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হ’ব এই অনুষ্ঠান! তেখেতে লগতে এই মহৎ উদ্দেশ্যে সফল কৰিবলৈ সমগ্ৰ ৰাজ্যবাসীক একগোট হ’বলৈ অনুৰোধ জনাইছে।

তেখেতে কৈছে, “আমাৰ ৰাইজ ভূমি, পৰিবেশ আৰু সর্বোপৰি আমাৰ প্রিয় মাতৃভূমিৰ সুৰক্ষাৰ কাৰণে জনসংখ্যা বিস্ফোৰণৰ বিৰুদ্ধে তথা জনসংখ্যা নিয়ন্ত্রণৰ কাৰণে ঐক্যবদ্ধ হওঁক।”

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here