নেম কেয়াৰ হস্পিটেলত বিশ্ব মধুমেহ দিৱস উদযাপন

0
23

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৬ নৱেম্বৰ ২০ঃ ১৪ নৱেম্বৰত বিশ্ব মধুমেহ দিৱস উপলক্ষে গুৱাহাটীস্থিত আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নেম কেয়াৰ হস্পিটেলৰ উদ্যোগতো উদযাপন কৰা হয় বিশ্ব মধুমেহ দিৱস।

চিকিৎসা প্ৰতিষ্ঠানখনৰ পৰিচালনা সঞ্চালক ডাঃ হিতেশ বৰুৱাৰ উপস্থিতিত আয়োজন কৰা আজিৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে গীত পৰিবেশনৰ কৰাৰ লগতে এক মনশীল বক্তব্য আগবঢ়াই।

ইপিনে অনুষ্ঠানত উপস্থিত থাকি ডাঃ বৰুৱাই মধুমেহ ৰোগ ইয়াৰ কাৰণ আৰু সজাগ আৰু সচেতনতাৰ ওপৰতো আলোকপাত কৰে।

উল্লেখযোগ্য যে আজিৰ দিনটোতে ডাঃ বৰুৱাই সাংবাদিকসকলৰ বাবে চিকিৎসালয়খনত মধুমেহ ৰোগৰ পৰীক্ষা বিনামূলীয়া হ’ব বুলিও জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানত ডাঃ হিতেশ বৰুৱাৰ লগতে ডাঃ প্ৰণৱ পাঠক, মাধুৰীমা শৰ্মা আৰু স্মিতা দাস উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here