পূৱ গুৱাহাটী মণ্ডল বিজেপিৰ প্ৰশিক্ষণ সামৰণী

0
32

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৬ নৱেম্বৰ ২০ঃ বিধান সভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্হাত শাষকীয় দল বিজেপিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেই তৃণমূল পৰ্যায়ত ইতিমধ্যে সভাসমিতি আৰম্ভ কৰিছে৷

ইয়াৰে অংশ হিচাপে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো মণ্ডলত দুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷ পূৱ-গুৱাহাটী মণ্ডল বিজেপিয়ে ১১ আৰু ১২ নৱেম্বৰ তাৰিখে দুইদিনীয়াকৈ চানমাৰি স্হিত পণ্ডিত তীৰ্থনাথ সভা গৃহত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে৷

মণ্ডল সভাপতি সঞ্জীৱ গোস্বামীৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কেন্দ্ৰত বুধবাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পূৱ-গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সাংগঠনিক দিশত ব্যক্তব্য প্ৰদান কৰে৷

লগতে মহানগৰ জিলাৰ সাধাৰণ সম্পাদক তপন দাস, অসম বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, বিজেপিৰ জ্যেষ্ঠ নেতা টিকেন মেধি উপস্থিত থাকি বক্তব্য আগবঢ়াই৷

ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া ,পলাশ লাহন, জিলা সভাপতি মৃগেন শৰনীয়া , সাংসদ কুইন ওজা, ৰাষ্ট্ৰীয় সম্পাদক তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই বিজেপিৰ ইতিহাস, সংবাদ মাধ্যম সামাজিক মাধ্যমৰ, জনসংঘৰ পৰা বিজেপিলৈ, দলৰ নীতি আদৰ্শ সম্পৰ্কে আটায়ে বক্তব্য প্ৰদান কৰে৷

উল্লেখ্য যে জিলা বিষয়ববীয়া মণ্ডল বিষয়ববীয়া মৰ্চাসমূহৰ সদস্যসকলৰ লগতে শক্তি কেন্দ্ৰৰ আহ্বায়ক সহ প্ৰায় তিনি শতাধিক সদস্য প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here