এন.ডি.এ-ই বিহাৰক কৃষক, মহিলা, যুৱকৰ পক্ষত থকা তথা এখন উন্নয়নমুখী চৰকাৰ প্ৰদান কৰিবঃ নড্ডা

0
3

প্ৰাগডেস্ক, ১৭ নবেম্বৰ ২০ঃ বিহাৰৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰক অভিনন্দন জনাই বিজেপিৰ সভাপতি জে পি নড্ডাই সোমবাৰে এই আত্মবিশ্বাস ব্যক্ত কৰিছে যে, জাতীয় গণতান্ত্রিক জোটৰ চৰকাৰে বিহাৰত এখন “কৃষক-সমর্থক, মহিলা, যুৱক আৰু উন্নয়নমুখী” চৰকাৰ প্ৰদান কৰিব।

দুটা দশকৰ ভিতৰত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমৰৰ ১৬ নবেম্বৰত অনুস্থিত হোৱা এই শপত গ্ৰহণ অনুস্থানত কেন্দ্ৰীয় গৃহ-মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডাকে আদি কৰি এন.ডি.এ-ৰ প্ৰায় সকলোবিলাক শীৰ্ষস্থানীয় নেতাই অংশগ্ৰহণ কৰিছিল৷

বিজেপিৰ সভাপতি নাড্ডাই ভাষণ প্ৰসংগত কয় যে, ‘নীতিশ কুমাৰ-জি আৰু সকলো নতুন শপত গ্রহণকাৰী মন্ত্রীলৈকে অভিনন্দন! আমি নিশ্চিত যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী-জিৰ দিকনির্দেশনাত এন.ডি.এ.ই ৰাজ্যখনৰ কৃষক, মহিলা, যুৱক পক্ষত থকা তথা এখন উন্নয়নমুখী চৰকাৰ প্ৰদান কৰিব। আমি বিহাৰৰ জনতাক আশ্বস্ত কৰিছো যে এন.ডি.এ.ই জনতাৰ আশা-আকাঙ্ক্ষা পূৰণৰ প্ৰতি প্রতিশ্রুতিবদ্ধ৷’

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here