ছাইবাৰ অপৰাধকলৈ এইচডিএফচি বেংকে মুকলি কৰিলে ‘মুহবন্দৰাখোঁ’ সজাগতামূলক অভিযান

0
9

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৭ নৱেম্বৰঃ ছাইবাৰ অপৰাধ প্ৰতিৰোধ বিষয়টোৰ প্ৰতি গ্ৰাহকক সজাগ কৰি তুলিবলৈ ১৬ নৱেম্বৰত এইচডিএফচি বেংক লিমিটেডে “মুহবন্দৰাখোঁ” (MoohBandRakho) নামৰ এক সজাগতামূলক অভিযান মুকলি কৰিছে। এই সজাগতামূলক অভিযান ভাৰ্ছুৱেল অনুষ্ঠানৰ মাধ্যমৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ নেচনেল ছাইবাৰ ছিকৰিটিৰ সমন্বয়ক (Co-ordinator) অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ড° ৰাজেশ পণ্ট, এইচডিএফচি বেংকৰ চীফ ৰিস্ক অফিচাৰ জিমী টাটাই। এই বেংকে আগন্তুক চাৰি মাহত সমগ্ৰ দেশত ইয়াক লৈ ১০০০ খন কৰ্মশালা আয়োজন কৰিব।

কাৰ্ডৰ বিৱৰণ ভাগ বটোৱাৰা নকৰা, চিভিভি, ম্যাদ উকলি যোৱা তাৰিখ, অ’টিপি নেটবেংকিং/ মোবাইল বেংকিং লগইন আইডি আৰু ফোনৰ পাছৱৰ্ড নিদিয়াৰ দৰে সৰল পদক্ষেপবোৰ অনুসৰণ কৰিবলৈ গ্ৰাহকক কোৱা হৈছে। এই সৰল পদক্ষেপবোৰ অনুসৰণ কৰিলে এছএমএছ, ই-মেইল আৰু ছ’চিয়েল মিডিয়াই সাধাৰণ জনসাধাৰণৰ ধন সুৰক্ষিত ৰখাত সহায় কৰিব। এই অভিযানকালত এই বিষয়ে আৰু অধিক ক’ব এই বেংকটোৱে।

এই অভিযানে আন্তঃৰাষ্ট্ৰীয় জালিয়াতি সজাগতা সপ্তাহ ২০২০(International Fraud Awareness Week 2020)ৰ সমৰ্থন কৰে।জালিয়াতিৰ
প্ৰভাৱ হ্ৰাস কৰাৰ বাবে বিশ্বব্যাপী জালিয়াতিৰ বিৰুদ্ধে এই আন্দোলন ১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ হৈ আছে। এইচডিএফচি বেংকে দ্বিতীয় বৰ্ষলৈ এই আন্দোলনত ভাগ লৈছে। আৰম্ভণিতে ক’ভিড-১৯ৰ সৈতে যুঁজিবলৈ বেংকে “মুহবন্দৰাখোঁ” অভিযান আৰম্ভ কৰিছিল আৰু এতিয়াও আছে। আনহাতে এই অভিযান এতিয়া ছাইবাৰ জালিয়াতিৰ বিৰুদ্ধে যুঁজিবলৈ সম্প্ৰসাৰিত কৰা হৈছে। অধিক তথ্যৰ বাবে এই বেংকৰ ৱেবচাইট লৈ যাব পাৰে।

এইচডিএফচি বেংকৰ চীফ ৰিস্ক অফিচাৰ জিমী টাটাই কয়- এই অভিযানটো সময়ৰ প্ৰতি প্ৰাসংগিক, কিয়নো অধিক ব্যক্তিয়ে বেংকিং সেৱা অনলাইনৰদ্বাৰা প্ৰাপ্ত কৰি আছে। এই মহামাৰীৰ সময়তো বেংকে নিজৰ গতি ধৰি ৰাখিছে।
বেংক গ্ৰাহকসহ সাধাৰণ জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ টোকাঃ-
কোনো বেংকে আপোনাৰ পৰা নিবিচাৰে অ’টিপি, নেটবেংকিং/ মোবাইল বেংকিং পাছৱৰ্ড, কাষ্টমাৰ আইডি, বিভিন্ন ইএমআই পেমেণ্ট ইউপিআই পিন। অন্যৰ সৈতে ভাগ বটোৱাৰা নকৰিব বেংকৰ বিৱৰণ, পিন আৰু পাছৱৰ্ড।

– অনুগ্ৰহ কৰি ফোন, এছএমএছ, ইমেইলৰ দ্বাৰা কোনো গোপনীয় বিৱৰণ ভাগ-বতৰা নকৰিব। ৰাজহুৱা সংযোজিত বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰি আপোনাৰ মোবাইল, টেবলেট, লেপটপৰ পৰা বেংকিং লেনদেন নকৰিব।
– আপুনি আপোনাৰ ঠিকনা, যোগাযোগ নম্বৰ বা ইমেইল আইডি সলনি কৰিলে আপোনাৰ বেংকক অৱগত কৰিব।
– আপোনাৰ যোগাযোগ তালিকাত সদায়ে আঞ্চলিক ফোন বেংকিং নম্বৰ সংৰক্ষণ কৰিব ৰাখিব। আপোনাৰ কাৰ্ড হেৰাই যোৱা বা চুৰি হ’লে অথবা আপুনি সন্দেহজনক লেনদেনৰ সতৰ্কতা প্ৰাপ্ত কৰিলে জৰুৰী পৰিস্থিতিত আপোনাক সহায় কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here