কবি-সাহিত্যিক তথা প্ৰাগজ্যোতিষৰ সাংবাদিক মনীষা শৰ্মালৈ “কৃতী শিক্ষক-লেখক আৱজল আলী সোঁৱৰণী মৰা পাগলাদিয়া সাহিত্য বঁটা”

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,বৰমা, ১৮ নবেম্বৰ ২০ঃ বাক্সা জিলাৰ মফচলীয় সাংবাদিকসকলৰ আগশাৰীৰ অনুষ্ঠান বাক্সা প্ৰেছ ক্লাৱে প্ৰতিবছৰে প্ৰদান কৰি অহা ”মৰা পাগলাদিয়া সাহিত্য বঁটা” ২০২০ ঘোষণা কৰে বুলি আজি জানিবলৈ দিছে প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলী আৰু সম্পাদক ভাৰত ৰাজবংশীয়ে।

নিৰলসভাৱে সাহিত্য সাধনাত ব্ৰতী হৈ থকা লোকসকলক স্বীকৃতি প্ৰদানৰ বাবে প্ৰেছ ক্লাৱে প্ৰতিবছৰে এই বঁটা দি আহিছে।

এইবছৰ এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে বাক্সা জিলাৰ আলাগজাৰ গাঁৱৰ দেউলগুৰি (সম্প্ৰতি জালুকবাৰী)ৰ সাংবাদিক,লেখিকা মনীষা শৰ্মাক।

অসমৰ আগশাৰীৰ কাকত-আলোচনীত নিয়মীয়াকৈ লেখা প্ৰকাশ কৰি জনাজাত হোৱাৰ উপৰিও অসম সাহিত্য সভাই তেওঁক প্ৰদান কৰিছে “বাসন্তী বৰদলৈ বঁটা”।

মনীষা শৰ্মাই ইতিমধ্যে কেইবাখনো কিতাপ লিখি উলিয়াইছে। তাৰ ভিতৰত তেওঁৰ গল্প সংকলন সুখৰ মাদকতাত দুখৰ ব্ন্যা(২০১৪), উপন্যাস
ৰোদন(২০১৮), সামাজিক নাটক কালচক্ৰ(২০১৮), কবিতা পুথি ৰূপালী জোনাক(২০১৮), জোনাকৰ বৰষুণ (২০১৮) আৰু সময় সংলাপ(২০১৮) প্ৰবন্ধ পুথি।

১৯৮০ চনত জন্ম গ্ৰহণ কৰা মনীষা শৰ্মাৰ কেইবাখনো উপন্যাস আৰু পাঁচখনকৈ গ্ৰন্থ হাতে লিখা অৱস্থাতে আছে।

অহা ডিচেম্বৰ মাহত মনীষা শৰ্মাক “কৃতী শিক্ষক-লেখক আৱজল আলী সোঁৱৰণী মৰাপাগলদিয়া সাহিত্য বঁটা” প্ৰদান কৰা হ’ব বুলি আজি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসত সভাপতি, সম্পাদকে ঘোষণা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here