সাংবাদিক নিৰ্যাতনৰ ঘটনাক গৰিহণা সংগ্ৰামী সেনা-অসমৰ

0
16

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৮ নবেম্বৰ ২০ঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি গণ্য কৰা সংবাদসেৱাৰ সাংবাদিকসকল বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে!

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে সাংবাদিক হত্যা-নিৰ্যাতন আদিৰ দৰে ঘটনা৷

এইক্ষেত্ৰত জাঙুৰ খাই উঠিছে সংগ্ৰামী সেনা-অসম কেন্দ্ৰীয় সমিতি৷

শিৱসাগৰত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকক হত্যা, নিৰ্যাতন আদিৰ দৰে ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে সাংবাদিকসকলৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰি সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনালে সংগ্ৰামী সেনা-অসমৰ কেন্দ্ৰীয় উপ-সভাপতি যদুমণি বড়াই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here