চামগুৰিৰ উদমাৰী হাইস্কুলত দুগৰাকী  কৃতি শিক্ষকক বিদায়ী সম্বৰ্দ্ধনা

0
26

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ নবেম্বৰ ২০ঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত উদমাৰী হাইস্কুলৰ দুগৰাকী কৃতি শিক্ষকক বুধবাৰে সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদায় সম্বৰ্দ্ধনা জনায়।

জানিব পৰা মতে, বুধবাৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে দিনযোৰাকৈ   উদমাৰী হাইস্কুলৰ প্ৰেক্ষাগৃত সদ্যহতে অৱসৰ লাভ কৰা  শিক্ষয়িত্ৰী জামিনী বৰঠাকুৰ ভাগৱতী আৰু শিক্ষক পুলিন চন্দ্ৰ পাঠকক  বিদায় দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক বৃন্দই সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰে।

উত্তৰ প্ৰজন্মক আজীৱন শিক্ষা কৰ্মত ব্ৰতী হৈ সুদীৰ্ঘ প্ৰায় ত্ৰিশ বছৰ কাল উদমাৰী হাইস্কুলত দুয়োগৰাকী শিক্ষকে মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰী তথা সমাজখনক শিক্ষা দান কৰি চাহ বাগিচা অধ্যূষিত অঞ্চলটোত জ্ঞানৰ পোহৰ বিলাই আহিছিল।

সম্বৰ্দ্ধনা সভাতে বিদ্যালয়খনৰ শিক্ষক বৃন্দ তথা ছাত্ৰ ছাত্ৰীসকলে দুয়োগৰাকী শিক্ষাবিদক শৰাই, গামোচা, কিতাপৰ টোপোলা আৰু সম্বৰ্দ্ধনা পত্ৰয়ে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে চলিত বৰ্ষৰ আগষ্ট মাহত কৃতি শিক্ষক পুলিন চন্দ্ৰ পাঠক ডাঙৰীই উক্ত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগতে যোৱা ছেপ্টেম্বৰ মাহত কৃতি শিক্ষয়িত্ৰী জামিনী বৰঠাকুৰ ভাগৱতীয়ে অৱসৰ গ্ৰহণ কৰে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আদিত্য বৰদলৈয়ে জানিবলৈ দিয়ে।

উক্ত সভাত প্ৰাক্তন প্ৰধান শিক্ষক, অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি কৰ্মৰত সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here