ৰক্তদান কাৰ্য্যসূচীৰে শিৱসাগৰ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিন উদ্‌যাপন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৯ নবেম্বৰ ২০ঃ শিৱসাগৰৰ নামতিত জুবিন ফেন ক্লাব আৰু “সহায়” ৰক্তদান অসমৰ ৪৯ ইউনিট ৰক্তদানেৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৪৯ সংখ্যক জন্মদিন পালন কৰা হয়৷

৪৮ বছৰ অতিক্ৰম কৰি ৪৯ বৰ্ষত ভৰি দিছে সকলোৰে আদৰৰ শিল্পীজনে।

সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ নামতিতো প্ৰিয় শিল্পীজনৰ ৪৯ সংখ্যক জন্মদিন উদ্‌যাপন কৰা হয়।

জুবিন ফেন ক্লাব শিৱসাগৰ, জুবিন ফেন ক্লাবৰ শ্বহীদ পিয়লি ফুকন কলেজ উপগোট আৰু সহায় ৰক্তদান অসমৰ উদ্যোগত শ্বহীদ পিয়লি ফুকন কলেজত ৰক্তদান কাৰ্য্যসূচীৰে উদ্‌যাপন কৰে জুবিন গাৰ্গৰ ৪৯ সংখ্যক জন্মদিন।

বৃক্ষৰোপণ আৰু কেক কাটি উদ্‌যাপন কৰা জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্বহীদ পিয়লি ফুকন কলেজৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, প্ৰবক্তা উমাকান্ত হাজৰিকা, নামতি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দোলেন্দ্ৰ চেতিয়াৰ লগতে সহায় ৰক্তদান অসমৰ প্ৰচাৰ সম্পাদক নিয়ৰ ৰাজ, ৰিম্পুল দেউৰী, জুবিন ফেন ক্লাবৰ কাৰ্যকৰ্তা আৰু গণ্যমান্য ব্যক্তিসকল৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here