জামুগুৰিহাটত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন

0
26

প্ৰাগজ্যোতিষ বাৰ্তা, মনীষা শৰ্মা, ২০ মবেম্বৰ ২০ঃ জামুগুৰিহাটৰ বামুবাৰী গাঁৱৰ ১১৫ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাভাগ অহা ২২,২৩ আৰু ২৪ নবেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷

বামুণবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি পুষ্পেন্দ্ৰ কুমাৰ নাথ আৰু সম্পাদৰ যতীন নাথে জনোৱা মতে ২২ নবেম্বৰত প্ৰতিমা স্থাপন আৰু অষ্টমী পূজা আৰম্ভ হ’ব৷

২৩ নবেম্বৰত নৱমী পূজা, উক্তদিনা দুপৰীয়া পুষ্পাঢ়্জলী প্ৰদান, মাহ-প্ৰসাদ আৰু ৰাজহুৱা ভোগ বিতৰণ৷

২৪ নবেম্বৰত দশমী পূজা আৰু বিসৰ্জন৷

শতবৰ্ষ গৰকা পূজাভাগৰ তিনিও দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা কামনা কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here