মধ্য প্রদেশত নতুনকৈ হ’ব নেকি লকডাউন ঘোষণা? আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানেঃ অসমতো তেনে পৰিবেশ হ’লে মুখ্যতঃ ৰাজনৈতিক নেতাসকলেই হ’ব দায়ী

0
1

প্ৰাগডেস্ক, ২০ নবেম্বৰ ২০ঃ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্রেক্ষিতত মধ্য প্রদেশ চৰকাৰে ৰাজ্যৰ কেইবাটাও স্থানত পুনৰ লকডাউন আৰম্ভ কৰাৰ সম্ভৱনাই দেখা দিছে৷ সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছে৷

মধ্য প্রদেশৰ গৃহমন্ত্ৰী নৰাত্তম মিশ্ৰই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰৰ সাম্প্ৰতিক সমীক্ষাত ক’ভিড-১৯ ৰ হটস্পট হিচাবে চিহ্ণিত হৈছে ৰাজ্যখনৰ কেইবাটাও অঞ্চল,যাৰ ফলত এইসমূহ অঞ্চলত পুনৰ লকডাউন অৱশ্যম্ভাবী হৈ পৰিছে৷ নৰোত্তম মিশ্রই আৰু জনাইছে যে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে এই লকডাউনৰ ৰোডম্যাপ তৈয়াৰ কৰাৰ বাবেই আজি সন্ধিয়া জিলা উপায়ুক্ত আৰু অন্যান্য দায়িত্বশীল কৰ্মকৰ্তাসকলৰ সৈতে বৈঠকত বহিব৷

মধ্যপ্রদেশত এইপর্যন্ত ক’ৰ’ণা ভাইৰাছ সম্পর্কীয় প্রায় ১.৯০ লাখ কেছ ধৰা পৰিছে, ইয়াৰে ১,৭৫৫,০৯৯ জন সুস্থ হৈ উঠিছে। এইপর্যন্ত ৰাজ্যখনত মুঠ মৃত্যু হৈছে ৩,১২৯ জনৰ। যোৱা ২৪ ঘন্টাত মধ্য প্রদেশত ক’ৰ’ণা ভাইৰাছ সংক্রমণৰ ১,৩৬৩৩ টা নতুন সংক্রমণ ধৰা পৰিছে, এই সময়ৰ ভিতৰতে মাৰাত্মক ক’ভিড সংক্ৰমণত মৃত্যু হৈছে ১৪ জনৰ।

মধ্যপ্ৰদেশৰ শেহতীয়া এই ভয়াবহ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ পৰা অসমৰ জনসাধাৰণেও শিক্ষা ল’বলগীয়া আছে ভালেখিনি৷ বিটিএডিৰ নিৰ্বাচনেই হওক বা আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ স্বাৰ্থতেই হওক অদ্যপি অসমত ব্যপক হাৰত ক’ভিড প্ৰ’টোকল ভংগ কৰি থকা হৈছে৷ ইয়াত অৰিহণা যোগাইছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলেও৷

ক’ভিড-১৯ যেন নাইকীয়া হৈ গ’ল দেশখনত এনেকুৱাহে লাগে ৰাজনৈতিক সভা-সমিতিবোৰলৈ মন কৰিলে৷ নাই ছ’চিয়েল ডিষ্টেনছিং, নাই নেতা-শ্ৰোতা সৰহ সংখ্যকৰ মুখতেই মাস্ক৷

এনেদৰে আৰু কিছুদিন চলিবলৈ হ’লে মধ্যপ্ৰদেশৰ দৰেই অসমতো যে লকডাউন অৱশ্যম্ভাৱী হৈ পৰিব সেয়া নিশ্চিত৷ অসমত পুনৰ লকডাউনে অসমৰ অৰ্থনীতিৰ অৱস্থা যে সম্পূৰ্ণ নিঃশেষ কৰিব সেয়া ধুৰূপ৷ আৰু তেনে এটা সম্ভাব্য মাৰাত্মক পৰিস্থিতিৰ বাবে কিন্তু অসমৰ ৰাজনৈতিক নেতা-পালিনেতাসকলেই হ’ব মুখ্য ৰূপত দায়ী৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here