চামগুৰি আমনিৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২০ নবেম্বৰ ২০ঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনা এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চাপানলাৰ জিয়াজুৰি অঞ্চলৰ পৰা মিছাৰ কেলিডেন অভিমুখে এ এছ ০২ জেদ ২৩০৭ নম্বৰৰ বাইকখনে আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়।

ফলত বাইক আৰোহী প্ৰসেনজিৎ দে(১৯) নামৰ যুৱকজন থিতাতে নিহত হয় লগতে আন এগৰাকী বাইকখনৰ আৰোহী সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ নিহত প্ৰসেনজিৎ দেক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আঘাত প্ৰাপ্ত আনগৰাকী বাইক আৰোহীক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

আনহাতে নিহত প্ৰসেনজিৎ দেৰ ঘৰ জিয়াজুৰি চাহ বাগিচাত বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here