প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ, ২১ নবেম্বৰ ২০ঃ শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চই আমগুৰিৰ বিভিন্ন দেৱালত অখিল গগৈৰ ফটো অংকন কৰি কৃষক নেতাজনৰ মুক্তিৰ দাবী জনায়।
১৯ নৱেম্বৰৰ দিনা গুৱাহাটীৰ বশিষ্ট দলংত ছাত্ৰ মুক্তি আৰু অংগৰাগ আৰ্ট কালেক্টিভৰ সদস্যসকলে অখিল গগৈৰ ফটো অংকন কৰি থাকোতে প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ ফটো মোহাৰি পেলাই।
সেয়ে ছাত্ৰ মুক্তি আৰু আহোম জাতীয় গণ মঞ্চৰ বিষয়ববীয়াসকলে জাঁজীৰ চিত্ৰ শিল্পী ধ্ৰৱজ্যোতি দত্তৰ হাতেৰে আমগুৰিৰ বিভিন্ন দেৱালত অখিল গগৈৰ ফটো অংকন কৰোৱাই মুক্তিৰ দাবী কৰে৷
অংকনস্থলীৰ পৰা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনায়।
Facebook Comments