উত্তৰ প্ৰদেশত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰনয়ণৰ ব্যপক প্ৰস্তুতিঃ গৃহ বিভাগে খচৰা প্ৰস্তুত কৰি প্ৰেৰণ কৰিলে আইন মন্ত্ৰণালয়লৈ

0
4

প্ৰাগডেস্ক, ২১ নবেম্বৰ ২০ঃ উত্তৰ প্রদেশ(ইউপি)ৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ঘোষণাৰ পিচত চৰকাৰে লাভ জেহাদ সম্পর্ক এখন শক্তিশালী আইন তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যৰ জনসাধাৰণক লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰনয়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু সেই প্ৰতিশ্ৰুতিৰেই ফলশ্ৰুতি এই ঐতিহাসিক নিৰ্দেশ।

আৰু সেই নিৰ্দেশৰ আধাৰতেই ইউপিৰ গৃহ বিভাগে লাভ জেহাদ সম্পর্কত এখন কঠোৰ আইন তৈয়াৰ কৰিছে আৰু তাক ৰাজ্যৰ আইন মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে। এই বিষয়ে ৰাজ্য চৰকাৰৰ মুখপাত্ৰই আজি শুক্ৰবাৰে নিশ্চিত কৰিছে।

প্রস্তাৱিত আইনৰ মতে বিয়াৰ নামত এগৰাকী মহিলাৰ ধর্মান্তৰৰ বিষয়টো জড়িত, ইয়াকে বিজেপি নেতাসকলে লাভ জেহাদ বুলি অভিহিত কৰে।

ইউপিৰ গৃহ বিভাগৰ এই প্রস্তাৱ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ সাম্প্রতিক ঘোষণাৰ পিচতে আহিছে। মুখ্যমন্ত্রীগৰাকীয়ে লাভ জেহাদ সম্পর্কিত এখন কঠোৰ আইন ঘোষণা কৰিছিল।

ইউপিৰ আইনমন্ত্রী ব্রজেশ পাঠকে শুক্রবাৰে কৈছিল, ৰাজ্যত এই লাভ জেহাদ জাতীয় গোচৰৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে, যাৰ বাবে সামাজিক হিংসা তথা বৈৰাগ্য বৃদ্ধি পাইছে।

এই জাতীয় ঘটনাবিলাকে ৰাজ্যপ ভাবমূর্তি বিনষ্ট কৰে, সেয়ে কঠোৰ আইন এই সময়ত নিতান্তই প্রয়োজনীয়। পাঠকে আৰু কৈছিল যে আমি গৃহ বিভাগৰ পৰা এই বিষয়ে প্রস্তাব পোৱাৰ লগে লগে প্রয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিম।

তাৰ বাবে ইতিমধ্যে প্রয়োজনীয় প্রস্তুতি চলোৱা হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here