প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৩ নবেম্বৰ ২০ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰিতো একাংশ হিন্দু ধৰ্মাৱলম্বী লোকে উপাস্য সূৰ্য্য দেৱতাক উপাসনাৰ পৰব ষঠ পূজাৰ আয়োজন কৰে।
শতাধিক ভক্তৰ সমাগমেৰে বজাৰঘাটৰ বালিচৰত আয়োজন কৰা ষঠ পূজাত ধৰ্মীয় অনুষ্ঠানৰ উপৰিও সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰা হয়।
উল্লেখযোগ্য যে, ভোজপুৰী সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় সূৰ্য্যক উপাসনা কৰা পৱিত্ৰ উৎসৱ ‘ষঠ পূজা’ক সাম্প্ৰতিক সময়ত অসমীয়া সমাজেও বিশেষভাৱে আদৰি লৈছে।
দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা ষঠ পূজাৰ অনুষ্ঠান ২১ নৱেম্বৰৰ পুৱতি নিশালৈ চলে।
আনহাতে পৰিতাপৰ বিষয় যে পূজাৰ থলীত উদ্যোক্তাসকলে ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে মনা হৈছে বুলি দাবী কৰিলেও এইক্ষেত্ৰত কিছু বিসংগতিয়ে ধৰা দিছে।
সামাজিক দূৰত্ব, মাস্ক আদিৰ ব্যৱহাৰ নকৰাটোৱে ক’ৰ’ণা সংক্ৰমণ বৃদ্ধিৰ আশংকাই দেখা দিছে৷