প্ৰাগডেস্ক, ২৩ নবেম্বৰ ২০ঃ সমগ্ৰ দেশত অতিমাৰী ক’ৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ মাজতে এটা সুখবৰ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে কৈছে যে ২০২১ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতৰ প্ৰায় ২৫ ৰ পৰা ৩০ কোটি লোকক ক’ভিড-১৯ৰ ভেকছিন প্ৰদান কৰা হ’ব।
এটা হিন্দী নিউজ চেনেলৰ সৈতে কথা পাতি স্বাস্থ্য মন্ত্ৰীয়ে কয় যে, ভাৰতত প্ৰায় ৩০ টা ভেকছিন গৱেষণা প্ৰাৰ্থীয়ে ভেকছিন বিকাশত জড়িত হৈ থকা বুলি কৈ ২০২১ চনৰ প্ৰথম তিনিমাহৰ ভিতৰতে এই ক’ভিড-১৯ ৰ বিৰুদ্ধে দেশখনে ইয়াৰ প্ৰথম ভেকছিন প্ৰাপ্ত কৰিব।
তেওঁ কয়, “ভেকছিনৰ কাৰ্যকাৰীতা আৰু সুৰক্ষা হৈছে চৰকাৰৰ বাবে দুটা গুৰুত্বপূৰ্ণ এজেণ্ডা,”।
দেশত প্ৰথমে কোনে ভেকছিনটো ল’ব পাৰিব সেই বিষয়ে সোধাত স্বাস্থ্য মন্ত্ৰীয়ে কয় যে, কেন্দ্ৰই প্ৰথমে প্ৰতিষেধক প্ৰাপ্ত কৰিব ক’ভিড যুঁজৰ ফ্ৰণ্টলাইন কৰ্মী, আৰক্ষী, অৰ্ধসামৰিক আৰু ছেনিটাইজেচন কৰ্মীসকলে, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰি থকা হৈছে।
তেওঁ আৰু কৈছিল যে, ৫০ বছৰৰ ওপৰৰ লোক আৰু শ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীসকল ক’ভিড-১৯ ভেকছিন প্ৰাপ্তিৰ দ্বিতীয় শাৰীত আছে।