ক’ৰ’ণা ভাইৰাছ নিউজ আপডেটঃঃ অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাই ক’ভিড-১৯ ভেকছিনে দেখুৱাইছে ৭০ শতাংশ কাৰ্যকাৰীতা

0
3

প্ৰাগডেস্ক, ২৩ নবেম্বৰ ২০ঃ এষ্ট্ৰাজেনেকাই কৈছে যে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে ঐক্যবদ্ধভাৱে গবেষণাৰত ক’ৰ’ণা ভাইৰাছৰ ভেকছিনে দুইলানি পৰীক্ষণত ভাইৰাছটোৰ পৰা সুৰক্ষা দিয়াত ৭০% গড় দক্ষতা প্ৰদৰ্শন কৰিছে।”

এই ভেকছিনৰ কাৰ্যকাৰীতাই এইটো নিশ্চিত কৰে যে ই ক’ভিড-১৯ৰ বিৰুদ্ধে অতি কাৰ্যকৰী হ’ব আৰু ই জনস্বাস্থ্যৰ জৰুৰীকালীন পৰিস্থিতিত তৎক্ষণাৎ প্ৰভাৱ পেলাব,” অস্ট্ৰাৰ মুখ্য কাৰ্যবাহী পাস্কল ছ’ৰিয়টে এক বিবৃতিত কয়।

ব্ৰিটিছ ঔষধ নিৰ্মাতাৰ এই প্ৰাথমিক পৰীক্ষণৰ ফলাফলে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত এক নতুন সফলতা চিহ্নিত কৰিছে, যি ক’ভিডে প্ৰায় ১.৪ নিযুত লোকক হত্যা কৰিছে আৰু বিশ্বব্যাপী অৰ্থনীতিক সংকটৰ সৃষ্টি কৰিছে।

যোৱা সপ্তাহত, অক্সফৰ্ডৰ বিজ্ঞানীসকলে তেওঁলোকৰ ক’ভিড-১৯ ভেকছিনৰ শেষ পৰ্যায়ৰ পৰীক্ষণৰ ফলাফল খ্ৰীষ্টমাছৰ পূৰ্বে সমাপন কৰিব বুলি আশা প্ৰকাশ কৰিছিল।

অক্সফৰ্ডত শিশু ৰোগ সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ বিশেষজ্ঞ ডঃ এণ্ড্ৰিউ পোলৰ্ডে কৈছিল যে গ্ৰীষ্মকালত কম সংক্ৰমণৰ হাৰৰ ফলত গৱেষণা লেহেম হৈছিল, কিন্তু পৰ্যায়-৩ৰ পৰীক্ষণবোৰে এতিয়া বিশ্বৰ দেশসমূহত হোৱা দ্ৰুত ক’ভিড আঘাতৰ ফলাফলৰ হেতু প্ৰতিবেদন প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় তথ্য সঞ্চিত কৰি আছে। অক্সফ’ৰ্ডে ভেকছিনটো ঔষধ নিৰ্মাতা এষ্ট্ৰাজেনেকাৰ সৈতে ঐক্যবদ্ধভাৱে বিকাশ ঘটাই আছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here