প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২৩ নবেম্বৰ ২০ঃ আজিৰ শিশু ভৱিষ্যতৰ দেশৰ ধৰণী স্বৰূপ, আজিৰ এই পৰিবৰ্তনৰ ধামখুমীয়াত দেশৰ ধৰণী স্বৰূপ শিশুসকলৰ চিন্তা চেতনাৰ সৈতে একাত্ম হৈ তেওঁলোকক একো একোজন সৱল নাগৰিক হিচাপে গঢ়ি তোলাৰ দ্বায়িত্ব জানো আমি প্ৰতিজন অভিভাৱকৰ গভীৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে পালন কৰিব পাৰিছোঁ ?
আমি এখন সুন্দৰ মানৱীয় সমাজ গঢ়ি তুলিবলৈ হ’লে আজিৰ শিশুসকলক প্ৰকৃত মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি গঢ়ি তুলিব পাৰিব লাগিব নিশ্চয়, তেনে বহু গুৰুত্ব পূৰ্ণ বিষয় বস্তু সামৰি বিশিষ্ট লেখিকা তথা চিন্ময় লাৰ্নিং গ্ৰুপৰ প্ৰতিষ্ঠাপক সঞ্চালিকা কাকলি মহন্তৰ প্ৰথমখন গ্ৰন্থ “শিশু মানসিক বিকাশ আৰু অভিভাৱকত্ব’ ২২ নৱেম্বৰ তাৰিখ দেওবাৰে শিৱসাগৰ মাজমজিয়াত অৱস্থিত ঐক্যৰ প্ৰেক্ষাগৃহত উন্মোচন হৈ যায়, গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট চিত্ৰ শিল্পী, কবি তথা জাতীয় বিদ্যাপীঠ, বেতবাৰীৰ উপাধ্যক্ষ ৰিদিপ বৰুৱাই, উন্মোচক বৰুৱাই ভাষণত উল্লেখ কৰে শিশুসকল আমাৰ ভৱিষ্যতৰ বিৰাট সম্ভাৱনীয়তা, এই সম্ভাৱনীয়তাক সম্পদলৈ ৰুপান্তৰ কৰিব পাৰিলেহে এখন সুস্থ আৰু সৱল সমাজ নিৰ্মাণৰ সৌধ গঢ়িব পাৰিব বুলি ব্যক্তব আগবঢ়াই।
অনুষ্ঠানটিত বিশিষ্ট কবি চায়েৰা বেগম, সমাজ কৰ্মী চন্দন বৰা, দীপালী মহন্ত, সাংবাদিক মুকুল বাইলুং, ময়দুল ইছলাম শইকীয়াই, নিমন্ত্ৰীত অতিথিৰূপে বক্তব্য আগবঢ়ায়, আব্দুল কৰিমে আঁতধৰা সভাত মোজাম্মিল হক, বৰষা গগৈকে ধৰি বহুকেইজন গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।