অসমৰ সাধাৰণ জাতি ৰাইজৰ অধিকাৰৰ স্বাৰ্থত যোৰহাটত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ জন্ম

0
37

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৪ নবেম্বৰঃ সকলোপ্ৰকাৰে অৱহেলিত আৰু বঞ্চিত (অসংৰক্ষিত) বৃহত্তৰ সাধাৰণ জাতি ৰাইজৰ সামগ্ৰিক বিকাশ তথা উন্নয়নৰ স্বাৰ্থত যোৰহাট প্ৰেছ ক্লাবত ২২ নৱেম্বৰ, দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক পৱিত্ৰ প্ৰাণ ভট্টাচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত সাধাৰণ জাতি বিকাশ পৰিষদৰ উপদেষ্টা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে পৰিষদৰ কাম-কাজৰ প্ৰতি মোহভংগ হৈ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে৷

তাৰ পিছতেই বিশিষ্ট সমাজকৰ্মী, সাধাৰণ জাতি বিকাশ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা পৰিষদৰ সদ্য পদত্যাগী উপদেষ্টা ঈশ্বৰ প্ৰসন্ন বৰদলৈক অধ্যক্ষ, দেৱজিৎ গোস্বামী, অমৃত কুমাৰ শৰ্মা(সমন্বয়ক) ভাস্কৰ কাশ্যপ, মাধূৰ্য্য পাঠক(সমন্বয়ক)ক মুখ্য আহ্বায়ক আৰু পৱিত্ৰ প্ৰাণ ভট্টাচাৰ্য্য আৰু বিশ্বজিত শৰ্মাক ক্ৰমে সংবিধান প্ৰণেতা সমিতিৰ সভাপতি, সম্পাদক হিচাপে নিৰ্বাচিত কৰি সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম নামেৰে এক নতুন সংগঠনৰ ৰাজ্যিক আহ্বায়ক সমিতি গঠন কৰা হয়৷

সভাত মৰিগাঁওৰ পুলিন কুমাৰ কাকতি, চৰাইদেউৰ সুশীল ভাগৱতী, নগাঁৱৰ ডিৱেন্দ্ৰ হাজৰিকাকে আদি কৰি ১৪ খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে ৷

সভাৰ শেষত নৱনিৰ্বাচিত আহ্বায়ক সমিতিখনে যোৰহাট প্ৰেছক্লাবত এখন সংবাদমেল সম্বোধন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here