ওদালগুৰিত ইউ পি পি এলৰ বৃহৎ বাইক ৰেলীঃ বি টি চিত এতিয়া আৰু হাগ্ৰামাৰ দাদাগিৰী নচলে -প্ৰমোদ বড়ো

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২৪ নবেম্বৰঃ বি টি চিত এতিয়া আৰু হাগ্ৰামাৰ দাদাগিৰী নচলে। হাগ্ৰামা মহিলাৰাক এতিয়া কোনেও ভয় নকৰে।

বি টি চিত এতিয়া ভয়-ভাবুকিৰে ভোট আদায় কৰা দিন উকলিল। বি টি চিৰ ৰাইজে এইবাৰ হাগ্ৰামাৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি পৰিবৰ্তন বিচাৰিছে।

২৩ নবেম্বৰত ওদালগুৰি জিলাৰ অন্তৰ্গত ৫ টাকৈ বি টি চি পৰিষদীয় সমষ্টি সামৰি ইউ পি পি এল দলৰ বৃহৎ বাইক ৰেলীৰে উলিওৱা পৰিবৰ্তন যাত্ৰাত সংগ দি মাজবাটত এইদৰে কয় ইউ পি পি এল প্ৰধান প্ৰমোদ বড়োয়ে।

তেওঁ বি পি এফ দল আৰু হাগ্ৰামাক তীব্ৰ সমালোচনা কৰি কয় যে বিগত সোতৰ বছৰে বি পি এফ চৰকাৰখনে কোনো এটা জনগোষ্ঠীৰে উন্নয়ন নকৰিলে।

কোনো এটা জনগোষ্ঠীকে সম-অধিকাৰ নিদিলে। মাটিৰ অধিকাৰ কাঢ়ি নি বি টি চিৰ জনসাধাৰণক ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰি ৰাখিলে।

হাগ্ৰামা মহিলাৰীয়ে বি টি চিৰ ৰাইজলৈ পিঠি দি সোতৰ বছৰে অকল নিজৰ অঙহী-বঙহী আৰু ই এম, জি এমসকলক লগত লৈ দুৰ্নীতি- ভ্ৰষ্টাচাৰত লিপ্ত হৈ সম্পত্তিৰ পাহাৰ গঢ়িলে।

সেইবাবে এইবাৰ ৰাইজে হাগ্ৰামাৰ অপ-শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি বি টি চিত পৰিবৰ্তন বিচাৰিছে। এইবাৰ বি টি চিত ইউ পি পি এল দলৰ চৰকাৰ হোৱাটো খাটাং।

ইউ পি পি এল দলে এইবাৰ বি টি চি নিৰ্বাচনত কমেও ২৫ খন আসন পাব। আৰু চৰকাৰ গঠন হোৱাৰ পিছতে ইউ পি পি এল দলে বি টি চিত বসবাস কৰা সকলোকে মাটিৰ অধিকাৰ আৰু ভূমিৰ পট্টা দিয়া হ’ব বুলি কয়।

বি টি চিত বসবাস কৰা সকলো জনগোষ্ঠীৰ নিবনুৱা যুৱক-যুৱতীসকলক নিয়োগ আৰু কৰ্মসংস্থাপনত সম-অধিকাৰ দিয়া হ’ব বুলিও কয় প্ৰমোদ বড়োয়ে।

বি টি চিৰ ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰচলাৰ পৰা প্ৰায় তিনি সহস্ৰাধিক বাইকেৰে আৰম্ভ কৰা আজিৰ এই পৰিবৰ্তন যাত্ৰা ওৰাং হৈ মাজবাটত প্ৰৱেশ কৰি ধনশ্ৰীঘাট হৈ ৰৌতা ওলায়, তাৰ পিছত ওদালগুৰি হৈ হৰিশিঙা আৰু হৰিশিঙাৰ পৰা অম্বাগাওঁৰ গোলমা মোহনপুৰত সমাপ্ত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here