প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২৪ নবেম্বৰঃ বি টি চি চুক্তিক নস্যাৎ কৰি প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই লগলাগি বি টি আৰ চুক্তিৰ জৰিয়তে বড়ো জাতিক ধংশ কৰিবলৈ ওলাইছে।
বি টি আৰ চুক্তিত বিশেষ একোৱেই নাই। চুক্তিখন লোকসভা আৰু ৰাজ্যসভাটো পাছ কৰা হোৱা নাই। বি টি আৰ চুক্তি অসম চুক্তিৰ দৰে হ’ব।
অসম চুক্তি যেনেকৈ সুদীৰ্ঘ ৩৫ বছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে কাৰ্যকৰী কৰা নহ’ল ঠিক তেনেকৈ বি টি আৰ চুক্তিও পৰি থাকিব কাৰ্যকৰী নোহোৱাকৈ।
আজি ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত আদৰ্শ বাহাদুৰ গাৱঁৰ খেল পথাৰত বি পি এফৰ এখন নিৰ্বাচনী সভাত উপস্থিত থাকি এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই।
তেওঁ আৰু কয় যে আমি বি টি চি চুক্তিৰ জৰিয়তে চাৰিখন জিলা সামৰি এটা সীমা নিৰ্ধাৰণ কৰিছিলোঁ। এতিয়া প্ৰমোদ বড়োয়ে বি টি আৰ চুক্তি কৰি বি টি আৰ এলকাৰ সীমা বঢ়োৱাৰ পৰিবৰ্তে অনাবড়ো গাঁওসমূহ কৰ্তন কৰিবলৈ দি আমি নিৰ্ধাৰণ কৰা বি টি চিৰ চাৰি সীমা সংকুচিতহে কৰিবলৈ ওলাইছে।
চন্দন ব্ৰহ্মই ভাষণত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই বি টি চিত অশান্তিৰ সৃষ্টি কৰি আমাৰ মাজত সংঘাত লগাবলৈ আহিছে। ইমানদিনে বি টি চি চুক্তি হোৱাৰে পৰা এই এলেকাত হাগ্ৰামা মহিলাৰীয়ে সকলো জনগোষ্ঠীকে আকোৱালি লৈ অঞ্চলটোত বিভিন্ন আঁচনিৰ জৰিয়তে উন্নয়ন ধাৰা অব্যাহত ৰাখি শান্তি আৰু প্ৰগতি আনিছিল। সেই শান্তি এতিয়া ভংগ কৰিব হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োয়ে। হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োয়ে বি টি চি অঞ্চলৰ ৰাইজে মিলাপ্ৰিতিত থকাটো নিবিচাৰে।
দুয়ো মিলি বড়ো জাতিকো ধংশ কৰিব। চন্দন ব্ৰহ্মই আৰু কয় বিশ্বজিৎ দৈমাৰীক বি পি এফ দলে বহুত দিছিল।
কিন্তু তেওঁ দলৰ লগত এনেকৈ বিশ্বাসঘাটক কৰিব বুলি আমি ভবা নাছিলো। দলৰ পৰা ওলাই গৈছে যাওক । তেওঁ ওলাই গলেও দলৰ একো ক্ষতি নহয়।
বিজেপিয়ে বিশ্বজিৎ দৈমাৰীক ব্যৱহাৰ কৰিবলৈ নিছে। যেতিয়াই প্ৰয়োজন শেষ হ’ব তেতিয়াই বিশ্বজীৎ দৈমাৰীক বিজেপিয়ে ডাচবিনত পেলাই দিব আৰু ডাচবিনত পঁচা আলুৰ দৰে পৰি থাকিব লাগিব তেওঁ।
মাজবাটৰ আদৰ্শ বাহাদুৰ গাওঁ আৰু দাঁতিকাষৰীয়া কেইখনমান গাঁৱৰ পৰা অহা প্ৰায় পাচঁ শতাধিক বড়ো জনগোষ্ঠীৰ পুৰুষ -মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়ো, বি পি এফ দলত কিছুদিন আগতে যোগদান কৰা বড়ো নেত্ৰী অঞ্জলী দৈমাৰীও ভাষণ ৰাখে। সভাত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী শ্যাম চুণ্ডীও উপস্থিত থাকে।