ৰাজনীতিৰ মহীৰূহ তৰুণ গগৈৰ দেহাৱসান শোকাচ্ছন্ন ৰাজ্যবাসীঃ মিছাজানত শ্ৰদ্ধাঞ্জলি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৪ নবেম্বৰঃ ২৩ নৱেম্বৰৰ সন্ধিয়া ৫.৩৪ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

একেৰাহে তিনিবাৰকৈ এতিয়ালৈকে সৰ্বাধিক সময়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনী কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ মিছাজানতো তৰুণ গগৈৰ বিয়োগত ৰাইজ শোকত ভাগি পৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে মিছাজান অঞ্চলৰ ভালেসংখ্যক যুৱক একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

আনহাতে জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে যুৱ সাংবাদিক সন্থা, অসমেও।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here