প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৪ নবেম্বৰ ২০ঃ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিত অগপ কৰ্মীসকলৰ ব্যাপক আনন্দ উল্লাস৷
অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাক আমগুৰিত বিপুল আদৰণি৷
উল্লেখ যে, যুৱনেতা সুদৰ্শন হাজৰিকা অগপৰ জ্যেষ্ঠ নেতা তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পুত্ৰ।
অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই আৰু সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাক অগপ কৰ্মীসকলে জাঁজীত উষ্ম আদৰণি জনোৱাৰ লগতে এক বাইক ৰেলীৰে আমগুৰি অসম গণ পৰিষদৰ কাৰ্যালয়লৈ আনে৷
Facebook Comments