প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত শোকস্তব্ধ শিৱসাগৰঃ দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৫ নবেম্বৰ ২০ঃ সংগ্ৰামী সেনা-অসম কেন্দ্ৰীয় সমিতিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শিৱদৌলৰ সন্মুখত ২৪ নৱেম্বৰত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷

সংগ্ৰামী সেনাৰ সাধাৰণ সম্পাদক পংকজ খাউণ্ডে আঁতধৰা সভাত কেন্দ্ৰীয় সভাপতি লুইচ হাজৰিকাৰ লগতে সেনাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে৷

আনহাতে টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, শিৱসাগৰ নগৰ শাখায়ো পৃথকে পৃথকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷

অনুষ্ঠানত শিৱসাগৰ জিলা মজদুৰ সংঘৰ সভাপতি, কবি-নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰা, এবিভিপি-ৰ জিলা সভাপতি বিজয় শইকীয়া, বিজেপি নেত্ৰী মৃদুস্মিতা সিংহ, নিপানন্দ হাজৰিকাৰ লগতে ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here