প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৫ নবেম্বৰ ২০ঃ ৰক্তদান মহান দান৷ ঐতিহাসিক শিৱসাগৰত লাচিত দিৱসৰ লগত সংগতি ৰাখি জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসমৰ, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তথা সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেছ’নেল মেডিকজ অৰ্গেনাইজেছনৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।
ৰক্তদান শিবিৰত কুৰিজন লোকে অংশগ্ৰহণ কৰি ৰক্তদান কৰে।
শিবিৰৰ আৰম্ভণিতে অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সৌৰভ গগৈ আৰু ৰক্ত ভঁৰালৰ বিশেষ দায়িত্বত থকা চিকিৎসক সাধন বৰাক জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ জিলা সমিতিৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।
ৰক্তদান শিবিৰত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ সম্পাদক তন্ময় শইকীয়া, জিলা সমিতিৰ অধ্যক্ষা মিনাক্ষী দত্ত, মহিলা শক্তিৰ জিলা অধ্যক্ষা মিনতি চলিহা, জিলা সম্পাদিকা মনোজিতা সন্দিকৈ, ফাউণ্ডেশ্যনৰ যুৱ শক্তিৰ জিলা অধ্যক্ষ নিপানন্দ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত দত্তকে ধৰি সংগঠনটোৰ বহুকেইজন কৰ্মী উপস্থিত থাকে।
ৰাষ্ট্ৰবীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধা জনাই সংগঠনটোৱে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা বাবে বিভিন্নজনে এই মহান পদক্ষেপৰ শলাগ লৈছে।