প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৮ নবেম্বৰ ২০ঃ উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেণ্ড৷
মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু নিশিতা গোস্বামীয়ে কোম্পানীটোৰ ব্ৰেণ্ড দুটা আনুষ্ঠানিকভাৱে মুকলি কৰে ৷
মন মৰমী মহন্তই আঁতধৰা অনুষ্ঠানত জিঅ’ জেমছৰ সঞ্চালক চিত্ৰা কৰ্মকাৰ আৰু পৰিচালনা সঞ্চালক গোপাল কৰ্মকাৰে অনুষ্ঠানত উপস্থিত থাকি জানিবলৈ দিয়ে যে এতিয়াৰ পৰা জিঅ’ ডাইমণ্ডৰ পৰা গ্ৰাহকে নুন্যতম মূল্যত প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব৷
প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন প্ৰান্তত অনলাইন যোগে গ্ৰাহকক গ্ৰহৰত্নৰ লগতে হীৰাৰ গহনা যোগান ধৰা অহাৰ কথা সদৰী কৰে সঞ্চালক চিত্ৰ কৰ্মকাৰে৷
উল্লেখ্য যে আজি এই জিঅ’ বেণ্ড মুকলি অনুষ্ঠানৰ পিছত ফেশ্বন শ্ব’ৰ আয়োজন কৰা হয় ৷