প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৮ নবেম্বৰ ২০ঃ বিভিন্ন কাৰ্যসূচী লৈ কাৰ্বিআংলং জিলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
মুখ্যমন্ত্ৰীগৰাকীয়ে পূব কাৰ্বি আংলং জিলাৰ বোকাজানত এটা অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে৷
ছিগনেচাৰ প্ৰকল্প, ২০১৮-১৯ বৰ্ষৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক প্ৰেক্ষাগৃহটোৱে অঞ্চলটোৰ সামাজিক-সাংস্কৃতিক দিশত এক উল্লেখনীয় ভূমিকা পালন কৰিব৷
আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূব কাৰ্বি আংলং জিলাৰ সৰিয়হজান আৰু চিলনীজানত ২×৫ এমভিএ, ৩৩/১১ কেভি শক্তিসম্পন্ন দুটা বিদ্যুৎ উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷
এই উপকেন্দ্ৰ দুটাই বোকাজানত অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিব৷
ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে বালিপথাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বোকাজানৰ বিশিষ্ট ব্যক্তি, মেধাৱী শিক্ষাৰ্থী, খেলুৱৈকে ধৰি বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা কেইবাগৰাকীও লোকক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষাৰ প্ৰসাৰৰ দিশত এক নতুন সংযোজনেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৱ কাৰ্বিআংলং জিলাৰ বালিপথাৰত ‘প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম’ৰ অধীনত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে৷