প্ৰাগডেস্ক,গুৱাহাটী, ২৮ নবেম্বৰ ২০ঃ পশ্চিম বংগৰ বিজেপি প্ৰধান দিলীপ ঘোষে দ্বাৰা শনিবাৰে কয়, পশ্চিম বংগৰ তৃণমূল দলৰ মন্ত্ৰী আৰু বিধায়কসকলে মমতা বেণাৰ্জীৰ চৰকাৰখনৰ প্ৰতি আস্থা-বিশ্বাস হেৰুৱাই পেলাইছে৷
তেওঁ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰশ্ন কৰে যে টিএমচিৰ মন্ত্ৰী-বিধায়কসকলেই দলটোক বিশ্বাস কৰিবলৈ অসমৰ্থ হৈছে তেনেক্ষেত্ৰত সাধাৰণ মানুহে কেনেদৰে বিশ্বাস কৰিব!
“ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনাত ‘দিদি’ ব্যৰ্থ হৈছে আৰু এতিয়া দলটোৰ দুৰ্যোগ ব্যৱস্থাপনাত ব্যস্ত হৈ পৰিছে।
টিএমচিৰ হেভিওৱেইট নেতা সুবেন্দু অধিকাৰীৰ পদত্যাগৰ পিচত মুখ্যমন্ত্ৰী মমতা বেণাৰ্জীৰ আবাসত হোৱা এখন জৰুৰী সভাৰ ওপৰত তিপ্পনী দি দিলীপ ঘোষে সাবাদিকক কয়, ‘এতিয়া, এনে সভা অধিক সঘনে হ’ব কিয়নো বহুতে বিজেপি দলত যোগদানৰ বাবে শাৰী পাতি আছে,৷’
তেওঁ কৈছিল যে দলৰ সভাপতি জে পি নড্ডা ৮ বা ৯ ডিচেম্বৰত ৰাজ্যত আহিব বুলি আশা কৰা হৈছে।
ঘোষে আৰু কয় যে “টিএমচিৰ দিন উকলিল! তেওঁলোকৰ নিয়ন্ত্ৰণত আৰক্ষী আছে, তথাপি মানুহে আমাৰ দলত যোগদান কৰি আছে, যাৰ অৰ্থ হৈছে টিএমচি দলটো এতিয়া শেষ হৈছে,”।
শুক্ৰবাৰে টিএমচিৰ বিধায়ক মিহিৰ গোস্বামীয়ে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰি কয় যে তেওঁ প্ৰধান মন্ত্ৰী প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিৰ সৈতে সংগতি ৰাখি ৰাজ্যত এক “নতুন ৰাজনৈতিক যুগ”ৰ প্ৰতি আগ্ৰহী৷
দিলীপ ঘোষে কয় ‘গোস্বামীৰ যোগদান কেৱল আৰম্ভণি, আগন্তুক মাহত অধিকে অনুসৰণ কৰিব’।