নগাৱঁৰ নীলাপানী হ্ৰদৰ এক অৱলোকন

0
26

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৫ ডিচেম্বৰ ২০ঃ বিগত সময়ত ৰাজ্যখনৰ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল কঠালগুৰি নামৰ এক পাহাৰময় ঠাইত কৃত্ৰিমভাৱে সৃষ্টি হোৱা এক গভীৰ পুখুৰী কালক্ৰমত পিছলৈ পৰ্যটন স্থলী হিচাপে পৰিচিত নীলাপানী হ্ৰদৰ বিষয়ে এক চমু অৱলোকন পাঠক সমাজৰ বাবে আগবঢ়ালো।

বিগত কেইবা বছৰৰ আগতে ভাৰত চৰকাৰে আমাৰ ৰাজ্যখনৰ মাজেৰে শদিযাৰ পৰা ধুবুৰিলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলং কলিয়াভোমোৰা নামেৰ আৱন্টন দিয়াত দলঙখনৰ বাবে প্ৰয়োজনীয় শিলসমূহ ৰে’ল বিভাগে কাৰ্বি আংলং সীমান্তৱতী নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অধীনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কঠালগুৰি অঞ্চলৰ এক শিলৰ পাহাৰ মহল হিচাপে লৈ শিল ভঙাৰ ক্ষেত্ৰত ব্লাষ্টাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

সেই পাহাৰটোৰ পৰাই কলিয়াভোমোৰা দলঙখনৰ বাবে প্ৰয়োজনীয় শিলৰ বল্ডাৰসমূহ নিয়া হৈছিল।শিল ভঙাৰ ফলত ক্ৰমে উক্ত শিলৰ পাহাৰটো সমতলৰ লগত প্ৰায় সমান হ’বলৈ আৰম্ভ হৈছিল।

সেই শিলৰ মহলটোৰ পৰাই এটা সময়ত মিছাস্থিত আৰ্মি কেম্পত অস্থায়ী ভাৱে স্থাপন কৰা হেলিপেডৰ বাবেও প্ৰয়োজনীয় শিলবোৰ নিছিল ।

বিগত কেইবা বছৰৰ আগতে ভাৰত চৰকাৰে আৱন্টন দিয়া চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত উৰিয়াগাৱঁৰ পৰা গুৱাহাটিৰ দিশে নিৰ্মাণ হোৱা নগাঁও বাইপাচ পথটোৰ বাবেও পেটেল কে এন আৰ নামৰ এক কোম্পানীয়ে শিলৰ পাহাৰটোৰ পৰাই শিল ভাঙিবলৈ ব্লাষ্ট কৰি প্ৰয়োজনীয় শিলসমূহ কঢ়িয়াইছিল।

ক্ৰমে দ হ’বলৈ ধৰা পুখুৰী সদৃশ ঠাইখিনিত এটা সময়ত প্ৰায় ১৫০ ফুট গভীৰতা সম্পন্ন হোৱাত এটা গভীৰতম পুখুৰীৰ সৃষ্টি হয়।

তাৰ পিছতেই পুখুৰীটোৰ তলৰ পৰা পানী ওলাবলৈ ধৰাত কোম্পানীটোৱে তাৰ পৰা শিল কঢ়িয়াওৱা বন্ধ কৰি দিবলগীয়া হয।

উল্লেখ্য যে গভীৰ তলৰ পৰা পানী ওলোৱা উক্ত পুখুৰীটোৰ পানী সময়ৰ গতিৰ লগে লগে নীলা হৈ পৰিছিল।পৰবৰ্তী কেইবা বছৰৰ পিছত সংবাদ মাধ্যমৰ জড়িয়তে সমগ্ৰ অসমে উক্ত শিলৰ পুখুৰীটো নীলাপানীৰ হ্ৰদ নামেৰে জনাজাত হৈছিল।

আৰু জনমানসত জনাজাত হোৱাত পানীখিনিৰ ৰং নীলা হোৱাৰ বাবে হ্ৰদটো চাবলৈ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা জনস্ৰোতা হ’বলৈ ধৰা পৰিলক্ষিত হয়।

ইতিমধ্যে এই কৃত্ৰিম হ্ৰদটো উপভোগ কৰিবলৈ আহি বিগত দিনত কেইবাজনো লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে বুলি জানিব পৰা গৈছে।

ইতিহাসৰ জগতত বিলীন হোৱা ২০১৭ চনৰ ৩১ জুলাইৰ দিনা নীলাপানীৰ হ্ৰদ চাবলৈ আহি সাঁতুৰি থকাৰ সময়তে সন্ধানহীন হোৱা নগাঁও চহৰৰ পানী গাৱঁৰ নিবাসী কৃশানু কাশ্যপ বৰা আৰু নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ মিকিৰহাট হাতীৰ গাৱঁৰ বাসিন্দা কল্পজ্যোতি বৰাৰ মৃতদেহ পিছ দিনা অৰ্থাৎ এক আগষ্টৰ দিনা চামগুৰি আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰবৰ্তী ২০২০ চনৰ ১১ অক্টোবৰৰ দিনা নীলাপানী হ্ৰদৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা গুৱাহাটীৰ নুনমাটিৰ বাসিন্দা বিকি কলিতা নামৰ লোকজনে উক্ত হ্ৰদটোত সাঁতুৰি সন্ধানহীন হোৱাৰ তিনি দিনৰ পিছত অৰ্থাৎ ১৪ অক্টোবৰৰ দিনা আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

তাৰোপৰি তাৰ ঠিক প্ৰায় এমাহৰ পিছতেই অৰ্থাৎ ৬ নৱেম্বৰৰ দিনা চামগুৰি কঠালগুৰিস্থিত নীলাপানী হ্ৰদলৈ নগাওঁ চহৰৰ ইটাচালিৰ বাসিন্দা আয়’নাভ হাজৰিকা নামৰ চফল যুৱকজনে হ্ৰদটোৰ সুবাস উপভোগ কৰিবলৈ আহি সাঁতুৰি থকাৰ সময়তে নিৰুদ্দেশ হয় যদিও চামগুৰি আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহায়ত পিছদিনাখন যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

ইপিনে কেইবাটাও হৃদয় বিদাৰক কৰুণ ঘটনা সংঘটিত হোৱা নীলাপানীৰ হ্ৰদটোৰ ক্ষেত্ৰত কলিয়াবৰৰ মহকুমা প্ৰশাসনে আঠ নৱেম্বৰৰ দিনা অনিৰ্দিষ্ট কালৰ বাবে ১৪৪ জাৰি কৰি নিজৰ দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে।

ইতিমধ্যে কলিয়াবৰ প্ৰশাসনে পৰ্যটনস্থলী হিচাপে ঘোষণা কৰা নীলাপানী হ্ৰদটো অত্যাধুনিক প্ৰযুক্তিৰে প্ৰকৃততে এটি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰিলে অসমৰ এক আৰ্থিক উপাৰ্জনৰ সম্পদ হ’ব পাৰে বুলি চামগুৰি একাংশ সচেতন নাগৰিকে ধাৰণা কৰিছে যদিও প্ৰায় ১৫০ ফুট গভীৰতা সম্পন্ন এই কৃত্ৰিম নীলাপানীৰ হ্ৰদটোৰ বিষয়ে একাংশ সচেতন জনগণৰ দৃষ্টিত এক যমদুত সদৃশ হ্ৰদ হিচাপে ধাৰণা কৰা বুলি মত প্ৰকাশ কৰিছে।

তথাপিও সদৌ শেষত হ্ৰদটোৰ ইতিবাচক আৰু নেতিবাচক দিকদৰ্শন কৰি ৰাজ্য চৰকাৰখনে এক সঠিক সিদ্ধান্ত হাতত ল’লে ভৱিষ্যতে যাতে এজনো লোকে কৰুণভাৱে উক্ত নীলাপানী হ্ৰদটোত মৃত্যুক আঁকোৱালি ল’বলগা নহয় তাৰ মানসেৰে আগন্তুক দিনত চামগুৰিবাসী জনগণে বাট চাই ৰব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here