শ্ৰীশ্ৰী থুৰামুখ গজলা সত্ৰৰ সত্ৰাধিকাৰ ভোলানাথ মহন্তৰ বিয়োগত শোক

0
13

প্ৰাগজ্যোতিষ বাৰ্তা, চৰাইদেউ, ৮ ডিচেম্বৰ ২০ঃ চৰাইদেউ জিলাৰ টেঙা পুখুৰী অঞ্চলৰ শ্ৰীশ্ৰী থুৰামুখ গজলা সত্ৰৰ সত্ৰাধিকাৰ ভোলানাথ মহন্তই ৯৫ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ইংৰাজী ৭ ডিচেম্বৰ সোমবাৰে নিশা ১১-৩০ বজাত বৈকুণ্ঠ ধামলৈ গতি কৰাত চৰাইদেউ জিলা সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰে।

সত্ৰাধিকাৰ প্ৰভূজনা শ্ৰীশ্ৰী গোপাল দেৱৰ জন্মস্থানৰ সংস্কৃতি চৰ্চ্চা কেন্দ্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু গোপাল আতাৰ ভালেসংখ্যক অনুগামী সেৱক আছিল।

তেখেতৰ বিদেহ আত্মাই সজস্থান লাভ কৰাৰ বাবে চৰাইদেউ জিলা সত্ৰ মহাসভাই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here