‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত অনলাইন কেৰিয়াৰ কৰ্মশালা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১৪ ডিচেম্বৰ ২০ঃ অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন অনলাইন কেৰিয়াৰ কৰ্মশালা ১১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয় ।

আবেলি সন্ধিয়া ৩ বজাৰৰ পৰা ৪ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই ।

বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলো উপস্থিত থকা কৰ্মশালাখনৰ আঁতধৰে বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে আৰু কৰ্মশালাখন শুভাৰম্ভণি কৰে বিভাগৰ মুৰব্বী লীনা এইছ নেমাদে।

ড° বুঢ়াগোহাঁয়ে “যান্ত্রিক অভিযান্ত্রিক বিভাগ”ৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব, সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here