(কবিতা) এটি গল্প…

0
9

-গাৰ্গী ভূঞা

টি গল্প…
সম্পূৰ্ণ অথবা অসম্পূৰ্ণ

এটি গল্প…
ৰসাল অথবা নিৰস

এটি গল্প…
বিষয় গধুৰ অথবা পাতল

জোনাক চকুৰ তুলিকাৰে
অংকন কৰা
এখন জীৱন্ত ছবি

পৰিহাৰ কৰা বৰণবোৰ
ধৰি ৰাখে
খহিপৰা কাপোৰখনে

বিসৰ্জনৰ মন্ত্ৰ নজনা
শিশুয়ে বুজি পায়নে
এটি গল্পৰ অলিখিত তৰ্জমা…

এটি গল্প…
উচ্চাৰিত অথবা অনুচ্চাৰিত!!

ঠিকনা: দৰঙ্গীচুক, যোৰহাট-১
ভাম্য: ৯৪৩৫০৯৬৫২২

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here