পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ ৰাষ্ট্ৰীয় জাগৰণ মঞ্চ(NMOPS)ৰ শিৱসাগৰ জিলা সমিতিৰ সজাগতা আৰু সমিতি সম্প্ৰসাৰণ সভা সম্পন্নঃ নতুন পেঞ্চন ব্যৱস্থাৰ অধীনস্থ জিলাৰ সকলো কৰ্মচাৰীকে এক হৈ পুৰণা পেঞ্চন ব্যৱস্থাৰ বাহালৰ বাবে ঐক্যবদ্ধ হ’বলৈ আহ্বান

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৫ ডিচেম্বৰ ২০ঃ ২০০৪ চনৰ পাছত চৰকাৰী চাকৰিত যোগদান কৰা ভাৰতৰ সকলো চৰকাৰী কৰ্মচাৰীক এক আন্ধাৰ ভৱিষ্যতলৈ ঠেলি দিয়া NPS আঁচনি প্ৰণয়ণ কৰা আইনখনৰ বিৰোধিতা কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত হোৱা পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ ৰাষ্ট্ৰীয় জাগৰণ মঞ্চ (NMOPS)ৰ শিৱসাগৰ জিলা সমিতিৰ সজাগতা আৰু সমিতি সম্প্ৰসাৰণ সভাখন ১৩ ডিচেম্বৰত শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷

সভাত সভাপতিত্ব কৰে NMOPS, শিৱসাগৰ জিলা সমিতিৰ সভাপতি অনিল দত্তই৷

সভাত জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে NPS ৰ অধীনৰ শতাধিক কৰ্মচাৰী-শিক্ষক উপস্থিত থাকে৷

সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ দিপালী নেওগকে আদি কৰি বিভিন্ন বিভাগত কৰ্মৰত শিক্ষক-কৰ্মচাৰী ক্ৰমে সোণজিত শইকীয়া, ৰঞ্জন দত্ত, সঞ্জীৱ মহন্ত, ললিত ৰাজখোৱা, আফিফুৰ ৰহমান, দিব্যজ্যোতি গোহাঁই, পূৰ্ণ ফুলকোঁৱৰ, নৱনীত হাজৰিকা, ভাস্কৰজ্যোতি দাস আদিয়ে পুৰণা পেঞ্চন বাহাল কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় আৰু একত্ৰিতভাৱে সংগ্ৰামখন আগবঢ়াই নিয়াৰ পোষকতা কৰে৷

সভাই অসমৰ কিছু স্থানত NPS বাতিলৰ নামত বিভাজন-বিভ্ৰান্তিৰে গঠন হোৱা সকলো সন্থাক একে মঞ্চত থিয় কৰোৱাৰ পোষকতা কৰে৷

বিভিন্ন বিভাগ তথা শিক্ষানুষ্ঠান পৰ্যায়ত এই সজাগতা সংগ্ৰামখন আগুৱাই নিয়াত সভাই সহমত পোষণ কৰে৷

একেখন সভাতেই জিলা সমিতিৰ কিছু সদস্যৰ সম্প্ৰসাৰণ ঘটোৱা হয়৷

সভাত জিলা সমিতিৰ সম্পাদক জৱাহৰজ্যোতি চাংকাকতিয়ে নতুন সম্পাদক মুৰ্চিদুল আৰফিনক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে৷

জিলাখনত সক্ৰিয় সকলো কৰ্মচাৰী সংগঠনৰ সহযোগিতাত শিৱসাগৰ জিলাত এক জাগৰণৰ সৃষ্টি কৰি পুৰণা পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ বাবে কাম কৰি যাবলৈ সভাত সকলো অংগীকাৰবদ্ধ হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here