শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন সম্পন্ন

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৮ ডিচেম্বৰ ২০ঃ লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি নিৰ্বাচিত৷

সদ্য পদত্যাগী অগপৰ প্ৰতিষ্ঠাপক নেতা পৱিন্দ্ৰ ডেকা কাৰ্য্যকৰী সভাপতি আৰু প্ৰাক্তন অগপ নেতা জগদীশ ভূঞা সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷

১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজ্যৰ নৱ-গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনখন সফলতাৰে সামৰণি পৰে৷

অভিৱৰ্তনত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে আসন অলংকৃত কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here