ষ্ট্ৰীট লাইটৰ অভাৱত অন্ধকাৰাচ্ছন্ন গান্ধী মন্ডপ পথঃ আন্ধাৰৰ সুযোগত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপঃ কাণসাৰ নাই জিলা প্ৰশাসন – গুৱাহাটী পৌৰনিগমৰ

0
1

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৮ ডিচেম্বৰ ২০ঃ মহানগৰীৰ গান্ধী মন্ডপ পথৰ বিকল ষ্ট্ৰীট লাইটে সন্ধিয়া অন্ধকাৰাচ্ছন্ন কৰি তুলিছে শৰণীয়া পাহাৰ৷

২ অক্টোবৰ গান্ধীজয়ন্তী উপলক্ষে মহানগৰ জিলা প্ৰশাসন-গুৱাহাটী পৌৰনিগমে গান্ধী মন্ডপৰ বৃহত্তৰ অঞ্চল সজাইপৰাই ৰঙীণ কৰি তোলে৷ অনুষ্ঠান শেষ হোৱাৰ পিছৰ পৰা এবাৰো চোৱাৰ আহৰি নাথাকে জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰনিগমৰ৷

স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি গান্ধীজয়ন্তী উদযাপনৰ মাত্ৰ দুই তিনিদিন আগতে ষ্ট্ৰীট লাইটসমূহ মেৰামতি কৰি পোহৰায় তোলা হৈছিল শৰণীয়া পাহাৰ৷

কিন্তু এমাহ পাৰ নৌহওতেই ষ্ট্ৰীট লাইটসমূহ বিকল হোৱা দেখা গৈছে৷ ইয়াৰ বাবেই বৃহত্তম এলেকাটোত সন্ধিয়াৰ পৰা অন্ধকাৰাচ্ছন্ন হৈ পৰে৷

একাংশ স্হানীয় ৰাইজে জনোৱা মতে, শৰণীয়া মূল পথৰ পৰা গান্ধীমন্ডপলৈ যোৱা পথচোৱাত মাত্ৰ ১০-১২ ষ্ট্ৰীট লাইট সন্ধিয়াৰ ভাগত জ্বলে যদিও বাকী লাইটসমূহ সম্পূৰ্ণ বিকল৷

এনেক্ষেত্ৰত গান্ধী মন্ডপ দৰ্শন কৰিবলৈ অহা বিভিন্ন স্তৰৰ ব্যক্তিসকলে সন্ধিয়া সময়ত লাইটৰ অভাৱত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে৷

সন্ধিয়া আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এচাম যুৱক-যুৱতীয়ে নিশালৈ আদ্দাস্হলীত পৰিণত কৰিছে গান্ধীমন্ডপ অঞ্চল৷

আন একাংশই সন্ধিয়া হ’লেই মুকলি মুৰীয়াকৈ মদ,ভাং খোৱা পৰিলক্ষিত হৈছে৷সন্ধিয়া ভ্ৰমণ কৰিবলৈ অহা নাগৰিকসকলৰ একাংশই জানিবলৈ দিয়ে যে মদ ভাং অসামাজিক কাৰ্য্য স্হলীত পৰিণত হৈছে বৃহত্তৰ গান্ধী মন্ডপ অঞ্চল৷

ইয়াৰ বাবেই অতি শীঘ্ৰেই ষ্ট্ৰীট লাইটসমূহ মেৰামতিৰ বাবেই গুৱাহাটী পৌৰনিগম তথা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here