বিজেপি, অসম প্ৰদেশৰ উদ্যোগত ”কৃষক সন্মিলনী’’ সফল আয়োজনঃ অন্নদাতা কৃষকসকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ-ৰণজিত কুমাৰ দাস

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৮ ডিচেম্বৰ ২০ঃ ১৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ দ্বাৰা ‘কৃষক সন্মিলনী’ অনুষ্ঠিত কৰা হয়।

বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে উক্ত সন্মিলনত অন্নদাতা তথা দেশৰ সন্মানৰ প্ৰতীক কৃষকসকলৰ সৈতে মত বিনিময় কৰে।

সভাত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে কয় যে, দেশৰ অন্নদাতা কৃষকসকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে।

তেওঁ আৰু কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ দুখনে বহু শক্তিশালী সিদ্ধান্তৰে বহু বাধাৰ প্ৰাচীৰ ভাঙি কৃষকসকলৰ সু-নিশ্চিত সুৰক্ষাৰ বাবে কেইবাটাও দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে।’

সভাত অংশগ্ৰহণ কৰি বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ দল তথা চৰকাৰে অতি যত্ন আৰু দায়বদ্ধতাৰে আমাৰ অন্নদাতা কৃষকসকলৰ বাবে কাম কৰি আছে আৰু আগলৈও কৰি যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বহু অভূতপূৰ্ব শক্তিশালী সিদ্ধান্ত লৈ কৃষকৰ সুৰক্ষা তথা ভৱিষ্যত হিতৰ বাবে বিভিন্ন পদক্ষেপ লৈছে বুলিও প্ৰভাৰী গৰাকীয়ে দোহাৰে। 

এই সন্মিলনত সহ প্ৰভাৰী পৱন শৰ্মা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু পল্লব লোচন দাস, ৰাজ্যিক কৃষক মৰ্চ্চাৰ সভাপতি প্ৰফুল্ল বৰা, ৰাজ্যিক বিষয়ববীয়াসকল, কার্যকতাসকল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় কৃষকসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here