পশ্চিম বংগত কঁপিছে তৃণমূল ভেটিঃ আজি পশ্চিম বংগত অমিত শ্বাহঃ সুবেণ্ডু অধিকাৰী, ভাতৃ সুমেণ্ডু, অন্যান্য বিসম্বাদী টিএমচি নেতাসকলৰ আজি বিজেপিত যোগদান কাৰ্যসূচী

0
8

প্ৰাগডেস্ক, ১৯ ডিচেম্বৰ ২০ঃ ২০২১ চনৰ পশ্চিম বংগৰ সাধাৰণ নিৰ্বাচনৰ আগে-আগে পশ্চিম বংগত দলৰ কামৰ বুজ ল’বলৈ শনিবাৰে দুপৰীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু বিজেপি নেতা অমিত শ্বাহে কলকাতাত আহি উপস্থিত হৈছে।

অমিত শ্বাহৰ এই ভ্ৰমণ এনে এটা সময়ত যেতিয়া অহা কেইমাহমানৰ ভিতৰতে বিধানসভা নিৰ্বাচনৰ আগতে পশ্চিম বংগত হৈছে পদত্যাগৰ বৰষুণ।

বৃহস্পতিবাৰে টিএমচিৰ হেভিৱেইট সুবেণ্ডু অধিকাৰীৰ পদত্যাগেৰে আৰম্ভ হোৱা শৃংখলাই আৰু দুজন এম এল এৰ সৈতে দীঘলীকৰণ হ’ব তালিকা এই দুগৰাকী হৈছে বিধায়ক শিলভদ্ৰ দত্ত আৰু বনশ্ৰী মৈতি।

কেবিনেট পৰ্টফলিও আৰু তৃণমূল কংগ্ৰেছ এৰি অহা সুবেণ্ডু অধিকাৰীয়ে আজি অন্যান্য বিদ্ৰোহী তৃণমূলৰ বিধায়কসকলৰ সৈতে আনুস্থানিকভাৱে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে।

উল্লেখনীয় যে, এই ভ্ৰমণ কালতে অমিত শ্বাহে মিদনাপোৰত এখন ৰাজহুৱা সবাতো অংশগ্ৰহণ কৰিব।

শেহতীয়াকৈ বিজেপি প্ৰধান জে পি নড্ডাও পশ্চিম বংগলৈ দুদিনীয়া ভ্ৰমণ সূচীলৈ আছিল।

নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত বিজেপিৰ এই সফলতাপূৰ্ণ আগ্ৰাসনে কঁপাই তুলিছে বংগৰ দিদি মমতা বেনাৰ্জীৰ তৃণমূলৰ ভেটি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here