প্ৰাগডেস্ক, ২১ ডিচেম্বৰ ২০ঃ সম্প্ৰতি ইউকেত ক’ৰ’ণা ভাইৰাচৰ এক নতুন ৰূপত হোৱা সংক্ৰমণে ভাৰতবাসীকো শংকিত কৰি তুলিছে।
অৱশ্যে যুক্তৰাজ্যত প্ৰকাশিত ক’ৰ’ণা ভাইৰাছৰ নতুন সংক্ৰমণৰ বিষয়ে চৰকাৰ সম্পূৰ্ণৰূপে সতৰ্ক হৈ আছে বুলি স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে আজি প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে “এই সংক্ৰান্তত জনসাধাৰণ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই”।
“চৰকাৰ সম্পূৰ্ণৰূপে সতৰ্ক। যোৱা এটা বছৰত, আপোনালোক সকলোৱে দেখিছে, মানুহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আমি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
কি কৰিব লাগিব সেই সম্পৰ্কত আমি সম্পূৰ্ণ সচেতন। যদি আপুনি মোক সোধে, তেনেহ’লে কম, আতংকিত হোৱাৰ কোনো কাৰণ নাই,” স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইউ কেৰ পৰা অহা সকলো বিমান নিষিদ্ধ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।
“ইউ কে-ত ক’ৰ’ণা ভাইৰাছৰ নতুন পৰিৱৰ্তিত ৰূপ উদ্ভৱ হৈছে, যি এক ছুপাৰ-স্প্ৰেডাৰ।
সেই যুক্তিতে কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক ইউ কেৰ পৰা সকলো বিমান তৎক্ষণাৎ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনাই টুইট কৰিছে।