প্রদূষণ প্ৰতিৰােধৰ বাবে সকলােৱে লওক সংকল্প

0
3

                                                                                      -গােপাল জালান

ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত দীপাৱলীৰ সময়ত হােৱা প্ৰদূষণে দেশবাসীক আকৌ এবাৰ ভবাই তুলিলে। ৰাজধানী চহৰ এখনতেই যদি জনসাধাৰণে শ্বাস-প্রশ্বাসত কষ্ট অনুভৱ কৰে, তেনেহ’লে আন চহৰসমূহৰ অৱস্থা কেনে হ’ব পাৰে সেয়া সহজেই অনুমেয়।

অতি সম্প্রতি বিশ্বৰ প্ৰায়ভাগ দেশৰে চহৰনগৰ, মহানগৰ আদি প্ৰদূষণৰ কবলত পৰিছে। বিশেষকৈ বায়ু প্ৰদূষণে নাগৰিকসকলক শংকিত কৰিছে।

যদিহে এনেদৰে প্ৰদূষণৰ মাত্রা বৃদ্ধি হৈ থাকে তেনেহ’লে ভৱিষ্যতে ই কেনে জটিল সমস্যাৰ সৃষ্টি কৰিব?

চহৰনগৰ তথা মহানগৰসমূহৰ সম্প্ৰসাৰণৰ লগতে ঔদ্যোগিকৰণৰ বাবে এতিয়া সকলােতে প্রদূষণ হৈ পৰিছে প্রত্যাহ্বান।

কেৱল দিল্লী চহৰেই নহয়, বিশ্বৰ আগশাৰীৰ মহানগৰ আদিতাে সেই একেই সমস্যা। এনেধৰণৰ সমস্যাৰ বাবে প্রকৃতি দায়ী নহয়।

মানৱ সমাজেই ভয়াৱহ প্ৰদূষণৰ বাবে দায়ী। এসময়ত নতুন দিল্লী আদিত নিমগছ ৰােপণৰ দ্বাৰা প্ৰদূষণ প্ৰতিৰােধ কৰিবলৈ পৰিকল্পনা কৰা হৈছিল। ৰূপায়ণাে হৈছিল।

পিছে মানুহ ইমানেই প্রদূষণকাৰী হৈ পৰিছে যে নিমগছ আদিৰেও এয়া প্রতিৰােধ কৰাটো অসম্ভৱ হৈছে। যদিও নতুন দিল্লীত প্রদূষণ বৃদ্ধি পাইছে, তথাপি বিশ্বৰ সৰ্বাধিক প্রদুষিত দেশৰ তালিকাত আছে। চীন।

চীনৰ ত্রিশ শতাংশই প্ৰদূষণৰ কবলত পৰিছে। আমেৰিকা যুক্তৰাষ্ট্র দ্বিতীয় তালিকাত আৰু ভাৰতৰ তৃতীয়।

চহৰ বা মহানগৰৰ ভিতৰতেই হওক বা সমীপৱৰ্তী অঞ্চলসমূহত হােৱা ঔদ্যোগিকৰণৰ বাবে প্ৰদূষণৰ পৰিমাণে বৃদ্ধি হােৱা বুলি ক’ব পাৰি।

সাধাৰণতে উদ্যোগসমূহ চহৰাঞ্চলৰ সমীপত গঢ়ি উঠে বাবে ইয়াৰ পৰিবহণ আৰু অন্যান্য সুবিধাৰ কাৰণে।

ষ্টেচন বা চহৰমহানগৰৰ সমীপত বৃহৎ উদ্যোগসমূহ গঢ়ি উঠোতে প্ৰদূষণৰ কথা কোনােৱে ভাবি নাচায়। এতিয়া যদিও আমি প্ৰদূষণ প্ৰতিৰােধৰ কথা কৈ আছাে, তথাপি এনে স্থানতে উদ্যোগ স্থাপনৰ বাবে অনুমতি প্রদান কৰি থকা হৈছে।

উদ্যোগৰ দ্রুত উন্নয়ন হ’লে দেশৰ প্রগতি সম্ভৱ। যি দেশত উদ্যোগৰ সংখ্যা কম সেইবােৰ দেশৰ অর্থনৈতিক উন্নয়নৰ হাৰ মন্থৰ।

উদ্যোগত শ্ৰমিকৰ প্রয়ােজন। দেশৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সেইবাবে যিকোনাে উদ্যোগে বিশেষ ভূমিকা গ্রহণ কৰে বুলি কোৱা হয়।

বেইজিঙত অলিম্পিক অনুষ্ঠিত কৰাৰ সময়ত সকলােৱে শংকিত হৈছিল প্রদূষণক লৈ। যদিও চীনে অতি সম্প্রতি এছিয়াৰে নহয়, বিশ্বৰ ঔদ্যোগিক ক্ষেত্ৰত উন্নত দেশৰ শীর্ষ তিনিটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, তথাপি প্রদূষণ প্ৰতিৰােধৰ বেলিকা একেবাৰে ব্যর্থ।

প্ৰদূষণৰ বাবে কিমান লােকৰ জীৱন বিপন্ন হৈছে সেই ছবিখন চীনে প্রকাশ নকৰে বাবে বিশ্ববাসীয়ে কমিউনিষ্ট দেশখনৰ স্পষ্ট ছবিখন লাভ কৰিব নােৱাৰে।

ভাৰতত উৎসৱৰ সময়ত প্ৰদূষণ বেছি হােৱাৰ মূলতে হ’ল আতচবাজী, ফটকা আদিৰ পৰা নিৰ্গত হােৱা প্ৰচুৰ পৰিমাণৰ ধোঁৱা। দীপাৱলীৰ সময়ত আৰু সাধাৰণতে এনে প্ৰদূষণৰ প্রকোপ বেছি।

সকলােৱে কম-বেছি পৰিমাণে আনন্দতে ফটকা ফুটোৱাৰ লগতে আতচবাজী প্রদর্শন কৰে। এনে আনন্দৰ মাজতেই ওলােৱা ধোঁৱা আৰু গেছৰ পৰা প্ৰদূষিত হয় ভূমি আৰু বায়ু।

ফটকা আৰু আতচবাজীৰ অতিৰিক্ত ৰাসায়নিক দ্রব্যসমূহ য’ত পৰি থাকে সেইডােখৰ ভূমি লাহে লাহে আনকি খেতিৰ বাবে অনুপযােগী হৈ পৰে।

আনহাতে, এনেবােৰ ভূমিত যিবােৰ উৎপাদন হয় সেইবােৰ যেতিয়া খাদ্যৰ মাধ্যমত শৰীৰত প্ৰৱেশ কৰে, তেতিয়া ই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে।

বিশেষকৈ এনে কিছুমান ৰােগৰ সৃষ্টি কৰে যিবােৰে জীৱনৰ প্রতি আশংকা বৃদ্ধি কৰে। এনেবােৰ কথা ভাবিবলৈ আজি কাৰােৰে আহৰি নাই।

সকলােৱে কেৱল নিজক লৈয়েই ব্যস্ত। আধুনিক জীৱন যাপনত ৰাষ্ট্র নির্মাণতকৈ প্ৰায়ভাগ লােকেই ব্যক্তিগত স্বার্থ পূৰণৰ ওপৰতহে গুৰুত্ব প্রদান কৰা দেখা যায়।

পিছে এনে লােকে কেতিয়াও ভাবি নাচাই যে সুস্থ নাগৰিক অবিহনে কোনােৱে এখন ভাৰসাম্য সমাজ গঢ়িব নােৱাৰে। এখন সুস্থ সমাজ তথা দেশ গঢ়িবলৈ দেশখনৰ নাগৰিকসকলৰ লগতে সমাজখনাে সুস্থ হ’ব লাগিব।

এফালে দেশৰ আর্থিক উন্নয়নৰ কথা কৈ আনফালে ঔদ্যোগিকৰণৰ নামত ৰাষ্ট্রৰ বনাঞ্চল ধ্বংস কৰিলে নহ’ব। পঞ্চতাৰকাযুক্ত হােটেল নির্মাণ কৰিলে অর্থনৈতিকভাৱে লাভান্বিত হ’লেও বনাঞ্চল ধ্বংস কৰিলে প্ৰকৃতিৰ ভাৰসাম্য নিশ্চয় বিনষ্ট হ’ব।

আমি ফটকাও ফুটাব লাগিব। আতচবাজী প্রদর্শনো কৰিব লাগিব। সমান্তৰালভাৱে প্রাকৃতিক ভাৰসাম্য যাতে বিনষ্ট নহয় সেই ক্ষেত্ৰতাে সমানেই হ’ব লাগিব সতর্ক।

প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ লগতে প্ৰদূষণমুক্ত হৈ থাকিবলৈ শ্ল’গান দিলেই সমস্যাৰ সমাধান নহ’ব। ইয়াৰ বাবে লাগিব প্রত্যেকৰে সহযােগিতা আৰু এটি মুকলি মন।

নিজৰ লগতে দেশৰ ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাৰ বাবে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভাবিব লাগিব। প্রত্যেকেই বছৰত এজোপা হলেও গছ ৰােপণ কৰাৰ সংকল্প গ্রহণ কৰিলে সুফল পােৱা যাব।

আনক বৃক্ষৰােপণৰ বাবে উপদেশ দি নিজে যদি বন ধ্বংসযজ্ঞত নামি পৰে তেনেহ’লে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ হ’ব জানাে? প্রকৃতি অবিহনে কোনেও জীয়াই থকাটো সম্ভৱ নহয়।
                                                                        (দূৰভাষঃ ৯৪৩৫১-০৩৯৭৭)

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here