প্ৰাগডেস্ক, ২৫ ডিচেম্বৰ ২০ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ আঁচনিৰ অধীনত ৯ কোটিৰো অধিক কৃষকৰ বাবে ১৮,০০০ কোটি টকা মুকলি কৰে।
ভিডিঅ’ কনফৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে বাৰ্তালাপো কৰে।
পিএম-কিষান আঁচনিৰ অধীনত, প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ যোগেৰে ২০০০ টকাৰ তিনিটা সমান ৪ মাহেকীয়া কিস্তিত পৰিশোধ কৰা যোগ্য হিতাধিকাৰী কৃষকসকলক প্ৰতি বছৰে ৬,০০০ টকাৰ বিত্তীয় লাভালাভ প্ৰদান কৰা হয়।
দিল্লীৰ সীমাত কৃষকৰ প্রতিবাদৰ কথা উল্লেখ কৰি, মত বিনিময়ৰ সময়ত প্ৰধানে্মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান ৰাজনৈতিক দলে নতুন কৃষি আইনৰ বিৰোধিতাৰ আলমত ইয়াত নিজস্ব ৰাজনৈতিক কাৰ্যসূচী সুমুৱাই দিছে।
তেওঁ লগতে কয় যে কিছুমান লোকে কল্পকাহিনী আৰু মিছা কথা বিয়পায়ছে যে কৃষকসকল এই কৃষি চুক্তিত প্ৰৱেশ কৰিলে তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা আঁতৰোৱা হ’ব।
নতুন আইনৰ পৰা লাভালাভ পোৱা উৰিষ্যাৰ এজন কৃষকৰ সৈতে বাৰ্তালাপ কৰি, প্ৰধানমন্ত্ৰীয়ে কয়, “মই আপোনাক কৃষকসকলক কৃষক ক্ৰেডিট কাৰ্ড আৰু ইয়াৰ বিভিন্ন লাভালাভৰ বিষয়ে ক’বলৈ অনুৰোধ জনাইছো, যাৰ ভিতৰত আছে নিম্ন সূতৰ হাৰত ঋণৰ উপলব্ধতা।”
ইফালে, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে প্রতিবাদকাৰী কৃষকসকলক তেওঁলোকৰ প্রতিবাদ সমাপ্ত কৰি চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ কৰে।
টোমাৰ কয়, “মই প্রতিবাদকাৰী কৃষকসকলক তেওঁলোকৰ প্রতিবাদ সমাপ্ত কৰিবলৈ আৰু চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনাইছো। মই আশা কৰো যে তেওঁলোকে নতুন কৃষি আইনৰ গুৰুত্ব বুজি পাব, আৰু বিষয়টো সোনকালে সমাধান কৰা হ’ব”।