প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ২৮ ডিচেম্বৰঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত পালন কৰা সুশাসন দিৱসৰ উপলক্ষে আজি মাজবাট উন্নয়ন খণ্ডতো প্ৰধানমন্ত্ৰী কৃষক নিধি মুকলি আৰু কৃষকসকলৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বাৰ্তালাপ অনুষ্ঠানত ডিজিটেল পদ্ধতিৰে মাজবাট উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভা গৃহত অঞ্চলটোৰ কৃষক আৰু সচেতন নাগৰিক সকলক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ শুনাই। প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ অনুষ্ঠানৰ সামৰণি পৰাৰ পিচত বি টি চিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ সাধাৰণ সদস্য দীপক মৌৰ, মাজবাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সৰোজ সোণোৱাল আৰু বি টি চিৰ প্ৰাক্তন সাধাৰণ সদস্য জিতু কিষাণে উপস্থিত ৰাইজক কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন কৃষি আইনখনৰ বিষয়ে বিতংকৈ বুজাই কয়।
উক্ত বাৰ্তালাপ অনুষ্ঠানত মাজবাট উন্নয়ন খণ্ড কাৰ্যালয় এলেকাৰ প্ৰায় শতাধিক কৃষক আৰু সচেতন ৰাইজ উপস্থিত থাকে।