নলবাৰীৰ ধমধমাত তিনিখন গ্ৰন্থ উন্মোচনেৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৮ ডিচেম্বৰঃ নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত অসম সাহিত্য সভাৰ শতদল শাখাৰ স্বীকৃতি প্ৰাপ্ত ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধমধমাৰ এন আৰ ডি এছ জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত ২৭ ডিচেম্বৰত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

এই উপলক্ষে চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দগীতেৰ আৰম্ভ হোৱা মুকলি আৰু গ্ৰন্থ উন্মোচনী সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই দিৱস পালনৰ উদ্দেশ্য আৰু গুৰুত্ব বিৱৰি কোৱা সভাখনৰ আঁত ধৰে ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক অংকুৰ কুমাৰ দাসে।

এন আৰ ডি এছ জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সঞ্চালক যতীন বড়ো আৰু নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ভুৱনেশ্বৰ বৈশ্যৰ বিশেষ পৰিচালনাৰে হোৱা এই সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খনীন্দ্ৰচন্দ্ৰ নাথ, নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা প্ৰমুখ্যে কেবাগৰাকী লোকে ভাগ লৈ অসম সাহিত্য সভাৰ বিভিন্ন দিশত ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ মঞ্জু হালৈ আৰু জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ডঃ অনুপম কলিতায়ো ভাগ লৈ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সৈতে অসম সাহিত্য সভা সন্দৰ্ভত মত বিনিময় কৰে।

সভাত বিশিষ্ট কবি শৰৎচন্দ্ৰ বৰ’, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অৰুণ দাস আৰু অভ্যাগতসকলে মঃ ৰুস্তম আলীৰ ‘লেখা সম্ভাৰ’, হেমন্ত পাটগিৰীৰ ‘জোন জ্বলা মৰুৰ বুকুত’ আৰু চাবিনা পাৰবিনৰদ্বাৰা ৰচিত ‘জোনাক’ নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰে।

গ্ৰন্থ প্ৰণেতা কেইগৰাকীয়েও গ্ৰন্থ প্ৰণয়নৰ বিষয়ত চমুকৈ কয়। সুন্দৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দিহা নাম পৰিৱেশন কৰে।

আকৌ নিশিতা ৰাজবংশী আৰু আলাৰি বড়োৱে নৃত্য পৰিৱেশন কৰাৰ উপৰি উদ্ধৱ তালুকদাৰ আৰু দীপিকা সৰকাৰে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত ভাগ লোৱা সাহিত্যপ্ৰাণ ব্যক্তি আৰু এন আৰ ডি এছ জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষলৈ শলাগ জ্ঞাপন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ভুৱনেশ্বৰ বৈশ্যই।

সভাৰ পূৰ্বে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি অনন্ত মোহন দাসে।

স্মৃতি তৰ্পণ কৰে এন আৰ ডি এছ জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঃ ৰুস্তম আলীয়ে ।

জাতীয় সংগীত পৰিৱেশনেৰে দিৱসৰ কাৰ্যসূচী সামৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here